June 25, 2025 9:14 PM

views 65

১৯৭৫ চনত দেশত জৰুৰী অৱস্থা ঘোষণাৰ ৫০ বছৰ পূৰ্ণ হোৱা দিনটো দেশত সংবিধান হত্যা দিৱস হিচাপে পালন

১৯৭৫ চনত দেশত জৰুৰী অৱস্থা ঘোষণাৰ ৫০ বছৰ পূৰ্ণ হোৱা দিনটো আজি দেশত সংবিধান হত্যা দিৱস হিচাপে পালন কৰা হৈছে। সেই সময়ত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে জৰুৰী অৱস্থা ঘোষণা কৰি সমগ্ৰ দেশতে ৰাজনৈতিক দলৰ নেতা-কৰ্মী, সাংবাদিক, শ্রমিক-সংগঠনৰ নেতাকে ধৰি প্ৰায় ডেৰ লাখ লোকক কাৰাৰুদ্ধ আৰু সংবাদ মাধ্যমৰ স্বাধীনতা বিলুপ্ত কৰিছিল। ভাৰতীয় জনতা পাৰ্টী আৰু ৰাষ্ট্রীয় স্বয়ং সেৱক সংঘকে ধৰি ভালেমান সংগঠনে আজি অসমতো সংবিধান হত্যা দিৱসৰ আয়োজন কৰিছে। এই দিৱসত দেশৰ সাংবিধানিক পৰম্পৰা আৰু বাক স্বাধীনতা যাতে কোনোপধ্যে...