June 24, 2025 8:46 PM
18
কাইলৈ সংবিধান হত্যা দিৱস পালন
সংবিধান হত্যা দিৱস কাইলৈ পালন কৰা হ'ব। ১৯৭৫ চনৰ ২৫ জুনত সংবিধানক অৱমাননাৰ ঘটনাক সুঁৱৰি এই দিৱস পালন কৰা হয়। এই দিনটোত ভাৰতীয় ইতিহাসৰ সবাতোকৈ ক'লা সময়ৰূপে পৰিচিত জৰুৰীকালীন পৰিস্থিতিৰ বাবে জীয়াতু ভুগিবলগীয়া সকলো লোকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ১৯৭৫ চনত জৰুৰী অৱস্থাৰ সময়ত অমানৱীয় বেদনা সহিবলগীয়া সকলো লোকৰ অৱদানক এই দিনটোত স্মৰণ কৰা হয় ৷