September 3, 2025 8:16 PM

views 15

চেমিকন ইণ্ডিয়া-২০২৫ শীর্ষ সম্মিলনত অর্ধপৰিবাহী খণ্ডৰ বিশেষজ্ঞসকলৰ সৈতে প্রধানমন্ত্রীৰ মত বিনিময়

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ যশোভূমিত অনুষ্ঠিত চেমিকন ইণ্ডিয়া-২০২৫ শীর্ষ সম্মিলনৰ দ্বিতীয় দিনা অর্ধপৰিবাহী খণ্ডৰ বিশেষজ্ঞসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ এখন প্রদর্শনী পৰিদৰ্শন কৰাৰ লগতে অর্ধপৰিবাহী খণ্ডৰ বিভিন্ন সামগ্রী আৰু প্ৰকল্পও প্রত্যক্ষ কৰে। সন্মিলনত বৈদ্যুতিন আৰু তথ্য প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱ উপস্থিত থাকে। শ্রীমোদীয়ে আজি চেমিকন ইন্ডিয়া শীর্ষ সম্মিলনত অংশগ্ৰহণ কৰা বিভিন্ন কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে ঘূৰণীয়া মেজমেলত মিলিত হয়। বিশ্ব বিভিন্ন প্ৰান্তৰ ঔদ্যো...

September 11, 2024 6:06 PM

views 18

গ্ৰেটাৰ নয়দাত প্ৰধানমন্ত্ৰীৰ ছেমিকন ইণ্ডিয়া ২০২৪ সন্মিলন মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, বৰ্তমানৰ যুগটো হ'ল ছিলিকন কূটনীতিৰ যুগ আৰু ভাৰতবৰ্ষই নিজকে অর্ধপৰিবাহীৰ পাৱাৰহাউছ হিচাপে গঢ়ি তুলিবলৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব। তেওঁ লগতে কয় যে, দেশত ব্যৱহৃত সংশ্লিষ্ট প্ৰতিটো সঁজুলিতে ভাৰতত নিৰ্মিত চিপ ব্যৱহাৰ কৰাটো নিশ্চিত কৰাৰ উদ্দেশ্যে চিপৰ উৎপাদন বৃদ্ধিৰ প্ৰতি চৰকাৰে মনোনিৱেশ কৰিছে। গ্ৰেটাৰ নয়দাত ছেমিকন ইণ্ডিয়া ২০২৪ সন্মিলন মুকলি কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি এই কথা প্ৰকাশ কৰে। উদ্বোধনী অনুষ্ঠানত ভাষণ দি তেওঁ দেশত বৈদ্যুতিন আৰু অৰ্ধপৰিবাহী উদ্...

September 10, 2024 12:56 PM

views 13

ইণ্ডিয়া এক্সপো মাৰ্টত কাইলৈ প্ৰধানমন্ত্ৰীৰ চেমিকন ইণ্ডিয়া ২০২৪ সন্মিলন উদ্বোধন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ গ্ৰেটাৰ নয়ডাৰ ইণ্ডিয়া এক্সপো মাৰ্টত চেমিকন ইণ্ডিয়া ২০২৪ সন্মিলন উদ্বোধন কৰিব। তেওঁ লগতে এই উপলক্ষে অংশগ্রহণকাৰীসকলক সম্বোধন কৰিব। "অর্ধপৰিবাহী খণ্ডৰ ভৱিষ্যত গঢ় দিয়া" শীৰ্ষক বিষয়বস্তুৰে কাইলৈৰ পৰা ১৩ ছেপ্টেম্বৰলৈ চেমিকন ইণ্ডিয়া ২০২৪ৰ আয়োজন কৰা হৈছে। তিনিদিনীয়া এই সন্মিলনত ভাৰতৰ অৰ্ধপৰিবাহী খণ্ডৰ কৌশল আৰু নীতি প্ৰদৰ্শন কৰা হ'ব। এই কৌশল তথা নীতিসমূহৰ জৰিয়তে দেশক অর্ধপৰিবাহী খণ্ডৰ গোলকীয় কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে। সন্মিলনত বিশ্বৰ অৰ্...