January 26, 2025 8:15 PM

views 92

চলচ্চিত্র নির্মাতা সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ অন্ত্যেষ্টিক্ৰিয়া মঙলদৈত সম্পূৰ্ণ ৰাজ্যিক মর্যাদাৰে সম্পন্ন

আজি নিচেই পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটা বিশিষ্ট চলচ্চিত্র নির্মাতা সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ অন্ত্যেষ্টিক্ৰিয়া আজি বিয়লি মঙলদৈত সম্পূৰ্ণ ৰাজ্যিক মর্যাদাৰে সম্পন্ন কৰা হয়। ইয়াৰ পূৰ্বে তেওঁৰ নশ্বৰ দেহ গুৱাহাটীৰ পৰা মঙলদৈলৈ নিয়া হয় আৰু তেওঁৰ শৱদেহ মঙলদৈৰ হাউলী-মোহনপুৰৰ পৈতৃক বাসগৃহত ৰখা হয়। মঙলদৈত আজি গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰনজিৎ‍ কুমাৰ দাসে প্রয়াত চলচ্চিত্ৰ পৰিচালকগৰাকীৰ প্ৰতি ৰাজ্য চৰকাৰৰ হৈ শ্ৰদ্ধাঞ্জলি তৰ্পন কৰে। ...

January 26, 2025 11:31 AM

views 66

বিশিষ্ট চলচ্চিত্ৰ পৰিচালক সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ দেহাৱসান

ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে সন্মানিত বিশিষ্ট চলচ্চিত্ৰ পৰিচালক সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ আজি পুৱতি নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৫ বছৰ। ১৯৭১ চনত অৰণ্য ছবিৰে ছবি পৰিচালনাত হাত দিয়া সমৰেন্দ্ৰ নাৰায়ণ দেৱে তেওঁৰ প্ৰথমখন ছবিৰ বাবে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল। পুতলা ঘৰ ছবিৰ বাবেও তেওঁ ১৯৭৬ত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ লাভ কৰিছিল। তেওঁৰ আন ছবিসমূহৰ ভিতৰত আছে সোণৰ হৰিণ, ৰাজা, কাজিৰঙাৰ কাহিনী আৰু বীৰ চিলৰায়। গুৱাহাটী...