January 26, 2025 8:15 PM January 26, 2025 8:15 PM
28
চলচ্চিত্র নির্মাতা সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ অন্ত্যেষ্টিক্ৰিয়া মঙলদৈত সম্পূৰ্ণ ৰাজ্যিক মর্যাদাৰে সম্পন্ন
আজি নিচেই পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটা বিশিষ্ট চলচ্চিত্র নির্মাতা সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ অন্ত্যেষ্টিক্ৰিয়া আজি বিয়লি মঙলদৈত সম্পূৰ্ণ ৰাজ্যিক মর্যাদাৰে সম্পন্ন কৰা হয়। ইয়াৰ পূৰ্বে তেওঁৰ নশ্বৰ দেহ গুৱাহাটীৰ পৰা মঙলদৈলৈ নিয়া হয় আৰু তেওঁৰ শৱদেহ মঙলদৈৰ হাউলী-মোহনপুৰৰ পৈতৃক বাসগৃহত ৰখা হয়। মঙলদৈত আজি গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে প্রয়াত চলচ্চিত্ৰ পৰিচালকগৰাকীৰ প্ৰতি ৰাজ্য চৰকাৰৰ হৈ শ্ৰদ্ধাঞ্জলি তৰ্পন কৰে। ...