May 9, 2024 12:27 PM

views 34

ইণ্ডিয়ান অভাৰছিছ কংগ্ৰেছৰ অধ্যক্ষৰ পদৰ পৰা ছেম পিট্ৰোডাৰ পদত্যাগ

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ছেম পিট্রোডাৰ বৰ্ণবাদী মন্তব্যক লৈ দেশৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে নেতাগৰাকীয়ে পদত্যাগ কৰিছে। সংবাদ মাধ্যমক দিয়া এটা সাক্ষাৎকাৰত নেতাগৰাকীয়ে পূব ভাৰতৰ লোকসকলক চীনা লোকৰ নিচিনা, পশ্চিম ভাৰতৰ লোকসকলক শ্বেতাংগৰ নিচিনা আৰু দক্ষিণ ভাৰতৰৰ লোকক আফ্ৰিকাৰ লোকৰ নিচিনা দেখি বুলি তেওঁ বৰ্ণবাদী মন্তব্য প্রকাশ কৰিছিল। নেতাগৰাকীৰ এই মন্তব্যক কংগ্ৰেছে গ্রহণযোগ্য নহয় বুলি দলৰ ফালৰ পৰা স্পষ্ট কৰি দিয়ে। দলটোৱে কয় যে, ভাৰতৰ বৈচিত্ৰ্যক লৈ ছেম পিট্রোডাই দিয়া উপমা একেবাৰে ভুল আৰু সেয়া ...