February 25, 2025 8:06 PM

views 8

প্রাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰক যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত

দিল্লীৰ এখন আদালতে আজি ১৯৮৪ চনৰ শিখ বিৰোধী সংঘৰ্ষৰ সময়ৰ এটা হত্যাৰ গোচৰৰ সংক্ৰান্তত প্রাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰক যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰে। বিশেষ ন্যায়াধীশ কাৱেৰী বাৱেজাই ১৯৮৪ চনৰ ১ নৱেম্বৰত সংঘটিত যশৱন্ত সিং আৰু তেওঁৰ পুত্ৰ তৰুণদীপ সিঙৰ হত্যাৰ সংক্ৰান্তত এই ৰায় প্ৰদান কৰে। পদকীয়া পক্ষ আৰু হত্যাকাণ্ডৰ বলি হোৱা পৰিয়ালে এই গোচৰৰ চৰম শাস্তি প্ৰদানৰ বাবে দাবী জনাইছে। সজ্জন কুমাৰ শিখ বিৰোধী সংঘৰ্ষৰ সময়ৰ অন্য এটা হত্যাৰ গোচৰত সম্প্ৰতি যাৱজ্জীৱন কাৰাবাস খাটি আছে আৰু তেওঁৰ আপীল আবেদন...