March 19, 2025 12:35 PM

views 24

কাৰ্বি আংলঙত সৈনিক স্কুল নিৰ্মাণৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এশ কোটি টকাৰ অনুমোদন

প্ৰতিৰক্ষা মন্ত্ৰালয়ে কাৰ্বি আংলং জিলাৰ লাংৱকুত সৈনিক স্কুল নিৰ্মাণৰ বাবে এশ কোটি টকাৰ অনুমোদন দিছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে এইকথা প্ৰকাশ কৰে। ৩৩৫ কোটি ৮৭ লাখ টকাৰ মুঠ আৱণ্টনৰ পৰা এই ধনৰাশি মোকলাই দিয়া হৈছে বুলি তেওঁ প্ৰকাশ কৰে। এই সৈনিক স্কুল নির্মাণে ৰাজ্যখনৰ শিক্ষাৰ্থীসকলক কঠোৰ নিয়মানুৱৰ্তিতা আৰু গুণগত শিক্ষা লাভ কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে। শিক্ষামন্ত্ৰীগৰাকীয়ে এই ধনৰাশি মোকলাই দিয়াৰ বাবে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক ধন্যবাদ জ্ঞাপন কৰে ।