September 26, 2025 12:50 PM

views 29

জুবিন গাৰ্গৰ ৰচনাৱলী প্ৰস্তুত কৰাৰ বাবে অসম সাহিত্য সভাৰ বিশেষ পদক্ষেপ গ্ৰহণ

অসম সাহিত্য সভাই শিল্পী জুবিন গাৰ্গৰ ৰচনাৱলী প্ৰস্তুত কৰাৰ বাবে বিশেষ পদক্ষেপ লৈছে। এই ৰচনাৱলী ২০২৬ বৰ্ষত প্ৰকাশ কৰা হ'ব বুলি অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে প্ৰকাশ কৰিছে। অসম সাহিত্য সভাই যোৰহাটৰ কেন্দ্ৰীয় কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত কালি সভাপতিগৰাকীয়ে কয়, যে শিল্পীগৰাকীৰ জীৱনী প্ৰাৰম্ভিক পৰ্যায়ত অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাত প্ৰকাশ কৰা হ'ব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ সঁহাৰি পালে এই সংকলন তামিল, তেলেগু, কানাড়া আৰু মালায়ালম ভাষালৈ অনুবাদ কৰা হ'ব। তেওঁ কয়, যে জুবিন ...

November 12, 2024 1:35 PM

views 20

অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতিগৰাকীৰ নাম চূড়ান্তৰ বাবে আজি উচ্চ পর্যায়ৰ বৈঠকৰ আহ্বান

অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতিগৰাকীৰ নাম চূড়ান্ত কৰাৰ বাবে আজি সভাৰ এখন উচ্চ পর্যায়ৰ বৈঠক আহ্বান কৰা হৈছে। আনহাতে উপ-সভাপতি আৰু প্ৰধান সম্পাদক পদৰ বাবে হ'বলগীয়া নিৰ্বাচনত তিনিগৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত হৈছে। কালি মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰাৰ অন্তত দুয়োটা পদৰ বাবে দুজনকৈ প্ৰাৰ্থীৰ মনোনয়ন বাতিল হোৱা বুলি সাহিত্য সভাৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে। এই অনুসৰি উপ-সভাপতি পদত বিপিন কলিতা, পদুম ৰাজখোৱা আৰু চহিৰ ভূঞাৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব। আনহাতে প্রধান সম্পাদক পদ প্রার্থীক...