March 7, 2025 8:51 PM

views 109

২০২৪ বৰ্ষৰ বাবে সাহিত্য একাডেমী অনুবাদ বঁটা ঘোষণা

২০২৪ বৰ্ষৰ বাবে সাহিত্য একাডেমী অনুবাদ বঁটা আজি ঘোষণা কৰা হৈছে। অসমীয়া, বড়ো ভাষাৰ গ্ৰন্থকে ধৰি মুঠ ২১ খন অনুদিত গ্ৰন্থলৈ এই বঁটা আগবঢ়োৱা হৈছে। সংস্কৃত আৰু নেপালী ভাষাৰ বঁটা পৰৱৰ্তী সময়ত ঘোষণা কৰা হ'ব বুলি সমিতিয়ে জানিবলৈ দিছে। প্রাচীন কামৰূপৰ ইতিহাস শীর্ষক অনুদিত গ্ৰন্থৰ বাবে লেখক, অনুবাদক অঞ্জন শর্মালৈ অসমীয়া ভাষাত এই বঁটা আগবঢ়োৱা হৈছে। হোমেন বৰগোহাঞিৰ সাউদৰ পুতেকে নাও মেলি যায়, শীর্ষক গ্ৰন্থখন অনুবাদ কৰি বাসুদেৱ দাসে বাংলা ভাষাত এই বঁটাৰ বাবে নিৰ্বাচিত হৈছে। অনুৰাধা শৰ্মা পূজাৰীৰ কাঞ্চ...

December 19, 2024 5:52 PM

views 41

চলিত বছৰৰ সংস্কৃত ভাষাত সাহিত্য একাডেমী পুৰস্কাৰৰ বাবে নিৰ্বাচিত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচার্য ড০ দীপক কুমাৰ শৰ্মা

এই বছৰৰ সংস্কৃত ভাষাত সাহিত্য একাডেমী পুৰস্কাৰৰ বাবে নিৰ্বাচিত হৈছে বিশিষ্ট পণ্ডিত তথা কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচার্য ড০ দীপক কুমাৰ শৰ্মা। তেওঁৰ কাব্যগ্ৰন্থ ‘ভাস্কৰ চৰিত্ৰম’ৰ বাবে এই পুৰস্কাৰ লাভ কৰিছে।

December 19, 2024 12:46 PM

views 29

ৰাজ্যৰ তিনিগৰাকী বিশিষ্ট ব্যক্তিলৈ চলিত বৰ্ষৰ সাহিত্য একাডেমী বঁটা

ৰাজ্যৰ তিনিগৰাকী বিশিষ্ট ব্যক্তিলৈ চলিত বৰ্ষৰ সাহিত্য একাডেমী বঁটা আগবঢ়োৱাত ৰাজ্যবাসী যথেষ্ট আনন্দিত হৈছে। বিশিষ্ট কবি সমীৰ তাঁতী, সংস্কৃত ভাষাৰ বাবে দীপক কুমাৰ শৰ্মা আৰু বড়ো ভাষাৰ ঔপন্যাসিক অৰণ ৰাজাক এই বছৰৰ সন্মানজনক সাহিত্য একাডেমী বঁটা আগবঢ়োৱা হৈছে। সাহিত্য একাডেমীয়ে কালি নতুন দিল্লীত ঘোষণা কৰা ২১টা ভাৰতীয় ভাষাৰ ভিতৰত অসমীয়া ভাষাত ফৰিংবোৰে বাটৰ কথা জানে কাব্যগ্ৰন্থৰ বাবে সমীৰ তাঁতীক আৰু চৌৰণি থাকাই অৰ্থাৎ কাৰ বাবে উপন্যাসখনৰ বাবে অৰণ ৰাজাক আৰু সংস্কৃত ভাষাৰ কাব্যগ্রন্থ ভাস্কৰচৰিতম বাবে...

December 18, 2024 8:22 PM

views 36

সমীৰ তাঁতী, হাউবাম সত্যৱতী দেৱী আৰু অৰণ ৰাজালৈ সাহিত্য একাডেমী বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ এই বছৰৰ সন্মানজনক সাহিত্য একাডেমী বঁটা আগবঢ়োৱা হৈছে। সাহিত্য একাডেমীয়ে আজি নতুন দিল্লীত ঘোষণা কৰা ২১টা ভাৰতীয় ভাষাৰ ভিতৰত অসমীয়া ভাষাত ফৰিংবোৰে বাটৰ কথা জানে কাব্যগ্ৰন্থৰ বাবে সমীৰ তাঁতীক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। বড়ো ভাষাৰ ঔপন্যাসিক অৰণ ৰাজাক এই বছৰৰ সাহিত্য একাডেমীৰ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। হাউবাম সত্যৱতী দেৱীক তেওঁৰ কাব্য সংকলনৰ বাবে মণিপুৰী ভাষাত এই বছৰৰ সাহিত্য একাডেমী বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। ১৯৫৫ চনৰ ৬ ফেব্ৰুৱাৰীত গোলাঘাট জিলাৰ বোকাখাটৰ সম...