December 5, 2024 1:24 PM

views 15

ধুবুৰীত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৩৪৯ সংখ্যক শ্বহীদী দিৱস পালন

ধুবুৰীৰ ঐতিহ্যমণ্ডিত শ্ৰীগুৰু টেগ বাহাদুৰ ছাহিব গুৰুদ্ধাৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৩৪৯ সংখ্যক শ্বহীদী দিৱস পালন কৰা হৈছে। শিখসকলৰ নৱম গুৰু টেগ বাহাদুৰে স্থাপন কৰা ধুবুৰীৰ এই গুৰুদ্ধাৰত আয়োজিত এই দিৱসৰ কাৰ্যসূচীত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশ-বিদেশৰ পৰা বহুলোকে অংশগ্ৰহণ কৰিছে। বিগত বছৰবোৰৰ দৰে এইবাৰো উত্তৰ-পূব সীমান্ত ৰে'লৱে কৰ্তৃপক্ষই শ্বহীদী দিৱস উপলক্ষে ডিব্ৰুগড়- ধুবুৰী এখন বিশেষ যাত্ৰীবাহী ৰে'লৰ ব্যৱস্থা কৰিছে। আনহাতে তিনিদিনীয়া এই শ্বহীদী দিৱসৰ সামৰণিৰ দিনটো অৰ্থাৎ‍ অহা ৭ ড...