April 6, 2024 4:38 PM April 6, 2024 4:38 PM

views 20

ছাহাৰানপুৰৰ জনসভাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, এইবাৰৰ নিৰ্বাচন কেৱল চৰকাৰ গঠনৰ বাবে অনুষ্ঠিত হোৱা নাই, বৰং এখন উন্নত ভাৰত গঠনৰ বাবে অনুষ্ঠিত হৈছে। যোৱা ৫ বছৰত ভাৰত বিশ্বৰ পঞ্চম স্থানৰ অৰ্থনীতি হ'বলৈ সমৰ্থ হৈছে বুলি শ্রীমোদীয়ে উল্লেখ কৰে। ছাহাৰানপুৰৰ এখন জনসভাত ভাষণ দি প্রধানমন্ত্ৰীয়ে আজি এইদৰে কয়। তেওঁ ছাহাৰানপুৰৰ বিজেপি প্রার্থী ৰাঘৱ লখনপাল আৰু কৈৰানাৰ বিজেপি প্রার্থী প্ৰদীপ চৌধাৰীৰ হৈ প্ৰচাৰ চলায়। এই সভাত বিজেপিৰ জ্যেষ্ঠ নেতা তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে...