October 18, 2024 11:57 AM

views 16

নেপালত অনুষ্ঠিত মহিলাৰ ছাফ ফুটবল প্রতিযোগিতাত পাকিস্তানক ৫-২ গ’লত পৰাস্ত ভাৰতৰ

ভাৰতে কালি নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত মহিলাৰ ছাফ ফুটবল প্রতিযোগিতাৰ গ্ৰুপ-এৰ এখন খেলত পাকিস্তানক ৫-২ গ’লত পৰাস্ত কৰে। এইখন ভাৰতীয় দলৰ অধীনয়ক লোইটোংবাম আছালাতা দেৱীৰ ১০০সংখ্যক খেল আছিল। খেলখনত ষ্ট্ৰাইকাৰ নগাংগোম বালা দেৱীয়ে নিজৰ খেলুৱৈ জীৱনৰ ৫০ সংখ্যক গ’লটো দিয়ে। দেৱী এই কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা ফুটবল খেলুৱৈ। ভাৰত ২৩ অক্টোবৰত হ'বলগীয়া নিজৰ দ্বিতীয়খন খেলত বালাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৩০ অক্টোবৰত প্ৰতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব।