August 24, 2024 11:55 AM

views 22

২০ বছৰৰ অনুৰ্ধৰ ছাফ ফুটবল প্রতিযোগিতাত ভাৰতৰ ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতে ২০ বছৰৰ অনুৰ্ধৰ ছাফ ফুটবল প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে কালি নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত গ্রুপ পৰ্যায়ৰ এখন খেলত মালদ্বীপক ১-০ গলত পৰাস্ত কৰে। ভাৰতৰ হৈ মাংগলেনথাং কিপগেনে খেলৰ ৯৫ মিনিটত বিজয় সূচক গলটো দিয়ে। ভাৰতে এই জয়ৰ সুবাদত প্ৰতিযোগিতাৰ গ্রুপ-বিৰ পইণ্ট তালিকাৰ শীৰ্ষ স্থান দখল কৰে। ভাৰতে সোমবাৰে যোৱাবাৰৰ চেম্পিয়ন বাংলাদেশৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব।