September 9, 2024 8:37 PM September 9, 2024 8:37 PM
10
ভাৰত-উপ সাগৰীয় সহযোগিতা পৰিষদৰ বিদেশ মন্ত্ৰীসকলৰ প্ৰথমলানি বৈঠকত ডº এছ জয়শংকৰৰ অংশগ্ৰহণ
বিদেশ মন্ত্ৰী ডº এছ জয়শংকৰে আজি ৰিয়াধত অনুষ্ঠিত ভাৰত-উপ সাগৰীয় সহযোগিতা পৰিষদৰ বিদেশ মন্ত্ৰীসকলৰ প্ৰথমলানি বৈঠকত অংশগ্ৰহণ কৰাৰ সুযোগতে উপসাগৰীয় সহযোগিতা পৰিষদৰ একাংশ সদস্য ৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই আলোচনাত বিভিন্ন দ্বিপাক্ষিক, আঞ্চলিক আৰু গোলকীয় বিষয় সামৰি লোৱা হয়। চৌদি আৰৱৰ বিদেশ মন্ত্ৰী ফেইচাল বিন ফৰহানৰ সৈতে হোৱা আলোচনাত ডº জয়শংকৰে দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ পৰ্যালোচনা চলায় আৰু দুয়োগৰাকী নেতাই বিভিন্ন গোলকীয় আৰু আঞ্চলিক বিষয় লৈ মত বিনিময় কৰ...