May 9, 2025 12:31 PM May 9, 2025 12:31 PM
2
আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী, ইটালীৰ উপ-প্রধানমন্ত্ৰী তথা বিদেশ মন্ত্ৰীৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰৰ বাৰ্তালাপ
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে কালি সন্ধিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মার্কো ৰুবীয়োৰ সৈতে কথা পাতে আৰু সীমান্তৰে চলোৱা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ নিৰ্ধাৰিত আৰু সু-পৰিকল্পিত ব্যৱস্থাৰ বিষয়ে অৱগত কৰে। ড° জয়শংকৰে সামাজিক মাধ্যম যোগে কয়, যে ভাৰতে আক্ৰমণ তীব্ৰতৰ কৰি তোলাৰ যিকোনো প্ৰচেষ্টা দৃঢ়তাৰে প্ৰতিহত কৰিব। মন্ত্ৰীগৰাকীয়ে লগতে সন্ত্রাসবাদ বিৰোধী যুঁজত ভাৰতৰ সৈতে কাম কৰাৰ বাবে আমেৰিকাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ শলাগ লয়। ড° জয়শংকৰে কালি ইটালীৰ উপ প্রধানমন্ত্ৰী তথা বিদেশ মন্ত্ৰী...