December 5, 2024 12:49 PM

views 12

বিদেশ পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰৰে কুৱেটৰ বিদেশ মন্ত্ৰী আব্দুলা আলী অল-য়াহয়াৰ বৈঠক

বিদেশ পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে কালি নতুন দিল্লীত কুৱেটৰ বিদেশ মন্ত্ৰী আব্দুলা আলী অল-য়াহয়াৰ সৈতে দেশ দুখনৰ মাজৰ বিভিন্ন ক্ষেত্ৰত থকা সম্পৰ্কৰ বিষয়ে আলোচনা কৰাৰ লগতে উভয় দেশৰ সম্বন্ধক অধিক শক্তিশালী কৰাৰ উপায় সন্দৰ্ভতো আলোচনাত মিলিত হয়। নেতা দুগৰাকীয়ে শেহতীয়াকৈ পশ্চিম এছিয়াত হোৱা উন্নয়নমূলক গতিবিধি আৰু গালফ সহযোগিতা পৰিষদৰ ক্ষেত্ৰত ভাৰতৰ সহযোগিতা সন্দৰ্ভতো মত বিনিময় কৰে ৷ তেওঁলোকে সহযোগিতাৰ বাবে বিদেশমন্ত্ৰী পৰ্যায়ৰ এখন যুটীয়া আয়োগ গঠন সন্দৰ্ভত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে।...