January 23, 2025 7:46 PM

views 18

ভাৰতে পাকিস্তানৰ সৈতে বাণিজ্য পুনৰ আৰম্ভ কৰাত কোনো আলোচনা কৰা নাই : মন্ত্ৰী ড০ এছ জয়শংকৰ

ভাৰতে পাকিস্তানৰ সৈতে বাণিজ্য পুনৰ আৰম্ভ কৰাৰ বাবে কোনো ধৰণৰ আলোচনা কৰা নাই বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে প্ৰকাশ কৰিছে। তেওঁ কয় যে পাকিস্তানৰ প্ৰশাসনেহে ২০১৯ চনত ভাৰতৰ সৈতে বাণিজ্যিক সম্পর্ক বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল। কালি ৱাশ্বিংটন ডিচিত সংবাদ মাধ্যমৰ আগত ড০ জয়শংকৰে কয় যে ভাৰতে দীৰ্ঘদিন ধৰি পাকিস্তানক অগ্ৰাধিকাৰপ্ৰাপ্ত ৰাষ্ট্ৰৰ মৰ্যাদা দি আহিছে যদিও পাকিস্তানে সেই মর্যাদা ৰক্ষা নকৰিলে। ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত শক্তিশালী পাৰস্পৰিক সম্পৰ্কৰ কথা উল্লেখ কৰি ড০ জয়শংকৰে ...

January 21, 2025 11:12 AM

views 17

ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্প শপত গ্রহণ অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ অংশগ্ৰহণ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কালি ৱাশ্বিংটনত অনুষ্ঠিত ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্প শপত গ্রহণ অনুষ্ঠানত ভাগ লয়। অনুষ্ঠানত শ্রী জয়শংকৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ প্রতিনিধি হিচাপে ভাগ লৈছিল। ইয়াৰ পূৰ্বে কালি মন্ত্ৰীগৰাকীয়ে ৱাশ্বিংটন ডি চিত থকা ছেইণ্ট জ'নছ চাৰ্চত অনুষ্ঠিত এটা কাৰ্যসূচীতো ভাগ লয়।