January 7, 2026 12:32 PM

views 12

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ লাক্সেমবার্গ ভ্ৰমণ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কৈছে যে লাক্সেমবার্গ ভাৰতৰ এখন অত্যন্ত গুৰুত্বপূৰ্ণ সহযোগী ৰাষ্ট্ৰ আৰু ফিনটেক, মহাকাশ আৰু কৃত্রিম বুদ্ধিমত্তাকে ধৰি বিভিন্ন ক্ষেত্ৰত দেশখনৰ সৈতে সহযোগিতা বৃদ্ধিৰ অপাৰ সম্ভাৱনা আছে। ছদিনীয়া কাৰ্যসূচীৰে ফ্ৰান্স আৰু লাক্সেমবার্গলৈ যোৱা ড০ জয়শংকৰে লাক্সেমবার্গ ভ্ৰমণৰ সময়ত এইবুলি মন্তব্য কৰে। এই ভ্ৰমণৰ সময়ত ড০ জয়শংকৰে দেশখনৰ প্রধানমন্ত্রী ল্যুক ফ্ৰিডেন আৰু উপ-প্রধানমন্ত্ৰী তথা বিদেশ মন্ত্ৰী জেভিয়াৰ বেট্টেলৰ সৈতে বৈঠকত মিলিত হয়। ড০ জয়শংকৰে কয়, যে লাক্সে...

June 13, 2025 8:34 PM

views 12

বিমান দুর্ঘটনাত লোক নিহত হোৱা দেশকেইখনৰ সৈতে মন্ত্ৰী ড০ এছ জয়শংকৰৰ যোগাযোগ অব্যাহত

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কৈছে যে তেওঁ আহমেদাবাদৰ বিমান দুর্ঘটনা সন্দৰ্ভত ব্ৰিটেইনৰ বিদেশ মন্ত্রী ডেভিদ লেমি, পর্তুগালৰ বিদেশ মন্ত্ৰী পাওলো ৰেঞ্জেল আৰু কানাডাৰ বিদেশ মন্ত্ৰী অনিতা আনন্দৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে। এই দুখৰ সময়ছোৱাত ড০ জয়শংকৰে শোকসন্তপ্তসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে তেওঁলোকলৈ সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ কথা দোহাৰে। উল্লেখযোগ্য যে কালিৰ দুৰ্ঘটনাটোত ব্ৰিটেইনৰ ৫৩গৰাকী, ৭গৰাকী পর্তুগীজ আৰু এগৰাকী কানাডাৰ নাগৰিকে প্ৰাণ হেৰুৱাইছে।

May 10, 2025 7:41 PM

views 31

ভাৰত-পাকিস্তানৰ সামৰিক অভিযান বন্ধ সন্দৰ্ভত বুজাবুজিত উপনীত হৈছে বুলি মন্ত্ৰী ড০ এছ জয়শংকৰৰ প্ৰকাশ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কৈছে যে ভাৰত আৰু পাকিস্তানে গুলিবর্ষণ আৰু সামৰিক অভিযান বন্ধ কৰা সন্দৰ্ভত বুজাবুজিত উপনীত হৈছে বুলি প্ৰকাশ কৰিছে। ড০ জয়শংকৰে সামাজিক মাধ্যমযোগে কয় যে ভাৰতে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে দৃঢ় আৰু আপোচবিহীন স্থিতি গ্ৰহণ কৰি আহিছে। আগলৈও এই স্থিতি অব্যাহত থাকিব বুলি মন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয়।

February 15, 2025 6:09 PM

views 20

মিউনিখ নিৰাপত্তা সন্মিলনত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ অংশগ্ৰহণ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কালি নিশা জার্মানীত অনুষ্ঠিত মিউনিখ নিৰাপত্তা সন্মিলন সন্দৰ্ভত ইউক্রেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আন্দ্ৰী চিবিহাক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত দুয়োগৰাকী নেতাই ইউক্রেইন সংঘাত সমাধানৰ দিশত চলি থকা প্ৰচেষ্টাৰ বিষয়েও আলোচনা কৰে। তেওঁলোকে ভাৰত ইউক্রেইন দ্বিপাক্ষিক সহযোগিতাৰ ক্ষেত্ৰতো আলোচনা আগবঢ়ায়। ড০ জয়শংকৰে জাৰ্মানীৰ প্ৰতিৰক্ষা মন্ত্ৰী বৰিছ পিষ্ট'ৰিয়াচকো সাক্ষাৎ কৰে। তেওঁলোকৰ এই আলোচনাত দ্বিপাক্ষিক সহযোগিতা আৰু ইউক্রেইনৰ উন্নয়নৰ বিষয়টোৱে গুৰুত্ব লাভ কৰ...

January 13, 2025 10:39 AM

views 18

দুদিনীয়া ভ্রমণসূচীৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ স্পেইন ৰাওনা

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি দুদিনীয়া ভ্রমণসূচীৰে স্পেইন ৰাওনা হ'ব। মন্ত্ৰীগৰাকীৰ বাবে এয়া হ'ব তেওঁৰ প্ৰথম স্পেইন ভ্রমণ। ভ্ৰমণকালত ড০ জয়শংকৰে স্পেইনৰ নেতৃবৰ্গক সাক্ষাৎ কৰাৰ লগতে স্পেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী মেনুৱেল আলবেৰাছৰ সৈতেও দ্বিপাক্ষিক সম্পৰ্কৰ লগতে পাৰস্পৰিক স্বাৰ্থ আৰু সাম্প্ৰতিক বিশ্বৰ বিষয়সমূহৰ ওপৰত আলোচনা কৰিব। তেওঁ স্পেইনৰ ৰাষ্ট্ৰদূতৰ নৱম বাৰ্ষিক সন্মিলনত ভাষণ দিব আৰু ভাৰতীয় মূলৰ লোকসকলৰ সৈতেও মত বিনিময় কৰিব।

December 1, 2024 12:45 PM

views 31

আমেৰিকাত মৃত্যু হোৱা ভাৰতীয় ছাত্ৰ নুকাৰপু ছাই তেজাৰ হত্যাকাণ্ডক লৈ বৈদেশিক মন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ

কেন্দ্রীয় বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰে আমেৰিকাত মৃত্যু হোৱা ভাৰতীয় ছাত্ৰ নুকাৰপু ছাই তেজাৰ হত্যাকাণ্ডক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যৰ এটা পোষ্টত ড০ জয়শংকৰে কয়, যে ছিকাগোত থকা পৰিয়ালটোক সহায় কৰাৰ লগতে দোষীৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়।

August 6, 2024 8:36 PM

views 20

সম্প্রতি ৯ হাজাৰ শিক্ষাৰ্থীসহ প্রায় ১৯ হাজাৰ ভাৰতীয় নাগৰিক বাংলাদেশত আছেঃ বিদেশ মন্ত্ৰী জয়শংকৰ

ভাৰতে বাংলাদেশৰ অশান্ত পৰিস্থিতিৰ মাজতে কূটনৈতিক মিছনৰ জৰিয়তে দেশখনত থকা ভাৰতীয় নাগৰিকসকলৰ সৈতে অহৰহ সম্পৰ্ক ৰক্ষা কৰি আহিছে। বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰে আজি সংসদৰ উভয় সদনত নিজাববীয়াকৈ বিবৃতি দি কয় যে সম্প্রতি ৯ হাজাৰ শিক্ষাৰ্থীসহ প্রায় ১৯ হাজাৰ ভাৰতীয় নাগৰিক বাংলাদেশত আছে। তেওঁ কয় যে, ঢাকাত থকা উচ্চ আয়োগৰ পৰামৰ্শমৰ্মে যোৱা মাহত ভালেসংখ্যক বিদ্যার্থী ভাৰতলৈ উভতি আহিছে। নতুন দিল্লী মহলে দেশখনৰ সংখ্যালঘুৰ স্থিতিৰ ওপৰত নজৰ ৰাখি আছে বুলি ড০ জয়শংকৰে লোকসভা আৰু ৰাজ্যসভাক অৱগত কৰে। তেওঁলোকৰ ...

July 27, 2024 9:13 PM

views 18

৩১ সংখ্যক আছিয়ান আঞ্চলিক মঞ্চত বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰৰ অংশগ্ৰহণ

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কৈছে যে, কেৱল আন্তঃৰাষ্ট্ৰীয় সহযোগিতাইহে বিশ্বৰ উমৈহতীয়া অঞ্চলসমূহ সুৰক্ষিত কৰি ৰখাৰ লগতে সমগ্ৰ বিশ্বৰ পন্য সামগ্রী বিতৰণ সুনিশ্চিত কৰিব। লাউচৰ ৰাজধানী ভিয়েণ্টিয়ানত আজি অনুষ্ঠিত ৩১ সংখ্যক আছিয়ান আঞ্চলিক মঞ্চত অংশগ্ৰহণ কৰি তেওঁ কয় যে, নতুন প্ৰযুক্তিৰ ব্যৱহাৰ বা বিশ্বায়নৰ আন্তঃনিৰ্ভৰশীলতাক অন্যায়ভাৱে ব্যৱহাৰ কৰা উচিত নহয়। ড০ জয়শংকৰে লগতে কয় যে, কোভিড মহামাৰী, গোলকীয় সংঘাট আৰু জলবায়ুৰ পৰিৱৰ্তনে বৰ্তমানৰ সমস্যাসমূহ অধিক জটিল কৰি তুলিছে।...

July 27, 2024 9:09 PM

views 20

ভিয়েটনামত চতুর্দশ পূব এছীয় সন্মিলনৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠক

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কয় যে, ভাৰতে এক্ট ইষ্ট পলিচিৰ জৰিয়তে আছিয়ানৰ ঐক্য আৰু কেন্দ্ৰীয়তা বৰ্তাই ৰাখিব। আজি ভিয়েটনামত অনুষ্ঠিত চতুর্দশ পূব এছীয় সন্মিলনৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত ভাষণ দি তেওঁ কয় যে, নৱম পূব এছিয়া শীৰ্ষ সন্মিলনত ঘোষণা কৰা এক্ট ইষ্ট পলিচিয়ে এটা দশক সম্পূর্ণ কৰিছে। তেওঁ লগতে কয় যে, অহা বছৰ পূব এছীয় শীৰ্ষ সন্মিলনৰ প্ৰক্ৰিয়াই দুটা দশক সম্পূৰ্ণ কৰিব আৰু পূব এছীয় শীৰ্ষ সন্মিলনৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত ভাৰতে অৰিহণা যোগাব। ড০ জয়শংকৰে লগতে কয়, পূব এছীয় সন্মিলন...