December 28, 2025 10:06 PM

views 10

ইউক্রেইনে শান্তিৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ খৰখেদা কৰা নাইঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে কৈছে যে ইউক্রেইনে শান্তিৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ খৰখেদা কৰা নাই আৰু যদিহে তেওঁলোকে শান্তিপূর্ণভাৱে মস্কোৰ সৈতে সংঘাত দূৰ কৰাৰ প্ৰয়াস নকৰে তেতিয়া ৰাছিয়াই বল প্ৰয়োগ কৰি হ'লেও তেওঁলোকৰ লক্ষ্য সাধন কৰিব। ৰাছিয়াৰ সংবাদ প্ৰতিষ্ঠানৰ সূত্ৰ অনুসৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে কালি চীফ অব জেনেৰেল ষ্টাফ ভেলেৰী গেৰাছিমভ আৰু বিভিন্ন যুদ্ধক্ষেত্ৰৰ দলসমূহৰ কামাণ্ডাৰসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকৰ পাছত শ্ৰীপুটিনে কয় যে ৰাছিয়া আৰু ইউক্রেইন সীমান্তৰ বিভিন্ন অগ...