June 24, 2024 12:03 PM June 24, 2024 12:03 PM

views 15

ৰাছিয়াৰ দাগেষ্টানৰ কাকেচছ গণৰাজ্যত অচিনাক্ত বন্দুকধাৰীৰ আক্ৰমণত এগৰাকী পুৰোহিতকে ধৰি ৪গৰাকী আৰক্ষী বিষয়াৰ মৃত্যু

ৰাছিয়াৰ দাগেষ্টানৰ কাকেচছ গণৰাজ্যত অচিনাক্ত বন্দুকধাৰীয়ে চলোৱা এলানি আক্ৰমণত এগৰাকী পুৰোহিতকে ধৰি চাৰিগৰাকী আৰক্ষী বিষয়াৰ মৃত্যু হৈছে। দাগেষ্টানৰ বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে, অচিনাক্ত বন্দুকধাৰীৰ এটা দলে চিনাগ’গৰ লগতে দাৰবেণ্ট চহৰৰ এটা গির্জাত এই আক্ৰমণ চলায়। দলটোৱে মাখাচকালা চহৰত থকা এটা আৰক্ষী পহৰাচকীকো আক্ৰমণৰ লক্ষ্য কৰি লয়। এই আক্ৰমণৰ ঘটনাত কমেও ১২ গৰাকী আৰক্ষী বিষয়া আহত হয়। এতিয়ালৈকে কোনেও এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি লোৱা নাই।