December 22, 2024 8:30 PM
16
ৰাছিয়াৰ কামচাটকা উপদ্বীপত সন্ধানহীন An-2 লাইট বিমানখন আটাইকেইগৰাকী যাত্ৰীসহ উদ্ধাৰ
ৰাছিয়াৰ কামচাটকা উপদ্বীপত সন্ধানহীন An-2 লাইট বিমানখন আটাইকেইগৰাকী যাত্ৰীসহ উদ্ধাৰ কৰা হৈছে। বিমানখনৰ তিনিওগৰাকী যাত্ৰী জীৱিত অৱস্থাত উদ্ধাৰ হোৱা বুলি সদৰী কৰি স্থানীয় কৰ্তৃপক্ষই কয়, যে কামচাটকাৰ Mi-8 হেলিকাপ্তাৰৰ জৰিয়তে যাত্ৰীসকলক উদ্ধাৰ কৰি মিলকোভচকায়া জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ৰাছিয়াৰ যুক্তৰাষ্ট্ৰীয় বিমান পৰিবহণ সংস্থাই প্ৰকাশ কৰা অনুসৰি আজি দিনৰ ভাগত তুন্দ্ৰৱায়া পৰ্বতৰ সমীপত নিৰুদ্দিষ্ট বিমান তথা যাত্ৰী কেইগৰাকীক উদ্ধাৰ কৰা হয়। উল্লেখযোগ্য যে মিল্কভৰ পৰা অ'চ'ৰা অভিমুখী বিমা...