December 27, 2025 8:15 PM

views 26

ইউক্রেইনৰ ৰাজধানী কীভত যোৱানিশা ৰাছিয়াৰ আক্ৰমণত এগৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে ২৭ জন আহত

ইউক্রেইনৰ ৰাজধানী কীভত যোৱানিশা ৰাছিয়াই কৰা আক্ৰমণত এগৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে ২৭ জন আহত হৈছে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছে যে ইউক্রেইনৰ শক্তি, আন্তঃগাঁথনি আৰু সেনা ঔদ্যোগিক ব্যৱস্থাসমূহ ধ্বংস কৰাৰ উদ্দেশ্যে ৰাছিয়াৰ সেনাবাহিনীয়ে এই আক্ৰমণত দীৰ্ঘ দূৰত্বৰ অস্ত্ৰ, ক্ষেপনাস্ত্ৰৰ লগতে ড্ৰোণৰ ব্যৱহাৰ কৰা বুলি উল্লেখ কৰিছে। এই আক্ৰমণত দেশখনৰ কিছু অঞ্চল বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। উল্লেখযোগ্য যে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কি যোৱা প্ৰায় ৪ বছৰ ধৰি ৰাছিয়াৰ সৈতে চলি থকা যুদ্ধৰ অৱস...

August 17, 2025 8:17 PM

views 31

২০৩৬ চনৰ পূৰ্বে ৰাছিয়াই শুক্রগ্রহ পুনৰ ভ্ৰমণৰ বাবে ভেনেৰা ডি অভিযান আৰম্ভ কৰিব

■ ২০৩৬ চনৰ পূৰ্বে ৰাছিয়াই শুক্রগ্রহ পুনৰ ভ্ৰমণৰ বাবে ভেনেৰা ডি অভিযান আৰম্ভ কৰিব। দেশখনৰ মহাকাশ গৱেষণা সংস্থাই জনাইছে যে, দেশখনৰ এই নতুন মহাকাশ কাৰ্য্যসূচীৰ প্ৰাৰম্ভিক কাম-কাজ ২০২৬ বৰ্ষৰ জানুৱাৰী মাহত আৰম্ভ হ'ব। এই অভিযানত এখন লেণ্ডাৰ, এটা বেলুন প্রোব আৰু কক্ষপথত পৰিভ্ৰমণ কৰিব পৰা এখন মহাকাশযান অন্তৰ্ভুক্ত কৰা হ'ব। এই অভিযান ২০৩৪ৰ পৰা ২০৩৬ চনৰ ভিতৰত আৰম্ভ কৰা হ'ব বুলি আশা কৰা হৈছে। লেভস্কিন সংস্থাৰ সৈতে যুটীয়াভাৱে নিৰ্মাণ হ'বলগীয়া অভিযানৰ আৰ্হি সম্পূৰ্ণ হ'বলৈ দুবছৰ সময় লাগিব বুলি জানিব পৰা গ...

June 11, 2025 8:40 PM

views 27

মস্কোৱে শান্তি বিচাৰে কিন্তু ইউক্রেইনে পশ্চিমীয়া দেশৰ কথা নুশুনি শান্তি স্থাপনৰ ক্ষেত্ৰত ভূমিকা লব লাগিবঃ ভ্লাদিমীৰ মেদিনস্কী

ৰাচিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনৰ সহযোগী ভ্লাদিমীৰ মেদিনস্কীয়ে কৈছে যে, মস্কোৱে শান্তি বিচাৰে কিন্তু ইউক্রেইনে পশ্চিমীয়া দেশৰ কথা নুশুনি শান্তি স্থাপনৰ ক্ষেত্ৰত ভূমিকা লব লাগিব। মেদিনস্কীয়ে ইয়াৰ পূৰ্বে অৱগত কৰিছিল যে বহিঃশক্তিৰ প্ৰৰোচনাত নপৰি যদি ইউক্রেইনে দেশৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়ে তেতিয়া ৰাছিয়া আৰু ইউক্রেইনৰ মাজত পাৰস্পৰিক বুজাবুজি সম্ভৱ হ'ব পাৰে। তেওঁ লগতে কয় যে, ইউক্রেইনে বহিঃশক্তিৰ প্ৰভাৱত অস্থিৰ পৰিস্থিতি অব্যাহত ৰাখে তেতিয়া ৰাছিয়াইও ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিব। ইতিমধ্যে আম...

June 7, 2025 8:36 PM

views 32

ৰাছিয়াই ইউক্রেইনত চলোৱা এক আক্ৰমণত ৩ জন লোক নিহত হোৱাৰ লগতে আন ২১ জন লোক গুৰুতৰ ভাৱে আহত

আজি পুৱা ৰাছিয়াই ইউক্রেইনত চলোৱা আন এক আক্ৰমণত কমেও তিনিজন লোক নিহত হোৱাৰ লগতে আন ২১ জন লোক গুৰুতৰ ভাৱে আহত হয়। সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি ৰাছিয়াই এই আক্ৰমণত ২০৬খন ড্র'ন আৰু ৯টা ক্ষেপণাস্ত্র ব্যৱহাৰ কৰিছে। যোৱা কেইসপ্তাহমানৰ ভিতৰত কৰা এই বৃহৎ‍ আক্ৰমণৰ ফলত ইউক্রেইণৰ ১৮টাকৈ বৃহৎ অট্টালিকা আৰু ১৩টা ব্যক্তিগত ঘৰৰ ক্ষতিসাধন হৈছে। ইউক্রেইনৰ বায়ু সেনাই দাবী কৰা মতে, তেওঁলোকে ৰাছিয়াৰ এখন যুদ্ধ বিমানৰ লগতে ৮৭খন ড্র'ন আকাশমাৰ্গতে ধ্বংস কৰি ভূপতিত কৰিছে। আনহাতে, ৰাছিয়াৰ সেনাই ৩৬খন ইউক্রেইনৰ ...

June 2, 2025 8:44 PM

views 24

ইষ্টানবুলৰ ঐতিাসিক চিৰাগান অট্টালিকাত ৰাছিয়া আৰু ইউক্রেইনৰ মাজত দ্বিতীয় পৰ্যায়ৰ শান্তি আলোচনা আৰম্ভ

ইষ্টানবুলৰ ঐতিাসিক চিৰাগান অট্টালিকাত আজি ৰাছিয়া আৰু ইউক্রেইনৰ মাজত দ্বিতীয় পৰ্যায়ৰ শান্তি আলোচনা আৰম্ভ হ'ব। ৰাছিয়াৰ হৈ ৰাষ্ট্ৰপতিৰ সহযোগিতাত আৰু উপ বিদেশ মন্ত্রী মিখাইল গালুজিনে দেশখনৰ প্ৰতিনিধিত্ব কৰিব। আনহাতে, ইউক্রেইনৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰুস্তাম উমৰ'বে দেশখনৰ প্ৰতিনিধি হিচাপে উপস্থিত থাকিব। তুৰ্কীৰ বিদেশ মন্ত্ৰী হাকান ফিদানৰ মধ্যস্থতাত এই বৈঠক অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে ৰাছিয়াৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্র মাৰিয়া জাখাৰোবাই কৈছিল যে তুর্কী বা আন কোনো পক্ষৰ মধ্যস্থতাত ৰাছিয়া আৰু ইউক্রেইনৰ...

May 21, 2025 9:14 PM

views 28

উক্রেইনৰ চুমি সীমান্ত অঞ্চলত চলি থকা প্ৰশিক্ষণ অনুশীলন ৰাছিয়াৰ ক্ষেপনাস্ত্ৰ আক্ৰমণত ইউক্রেইনৰ ৬জন সেনা নিহত হোৱাৰ লগতে ১০ জন আহত

ইউক্রেইনৰ চুমি সীমান্ত অঞ্চলত চলি থকা প্ৰশিক্ষণ অনুশীলন ৰাছিয়াৰ ক্ষেপনাস্ত্ৰ আক্ৰমণত ইউক্রেইনৰ ৬জন সেনা নিহত হোৱাৰ লগতে ১০ জন আহত হোৱা বুলি ইউক্রেইনৰ প্ৰতিৰক্ষা বাহিনীৰ বাবে বৃহৎ বাধা হিচাপে থিয় দিছে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইয়াৰ পূৰ্বে এটা প্ৰশিক্ষণ শিবিৰত ইস্কাণ্ডাৰে ক্ষেপনাস্ত্ৰ আক্ৰমণ কৰা বুলি এটা ভিডিঅ'ত প্ৰকাশ কৰিছিল য'ত প্ৰায় ৭০ জন লোকৰ মৃত্যু হৈছিল বুলি কোৱা হৈছে। উল্লেখযোগ্য যে চুমি অঞ্চলত বাৰে বাৰে বোমাবর্ষণ কৰা হৈছে আৰ ইউক্রেইনে চুমি সীমান্ত অঞ্চলৰ পৰা ৰাচিয়াৰ চুবুৰীয়া ক...

November 2, 2024 6:12 PM

views 33

ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধৰত ইউক্রেইনলৈ ৪২৫ মিলিয়ন ডলাৰৰ অতিৰিক্ত সুৰক্ষা সাহায্য ঘোষণা আমেৰিকাৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগে ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধৰত ইউক্রেইনলৈ ৪২৫ মিলিয়ন ডলাৰৰ অতিৰিক্ত সুৰক্ষা সাহায্য ঘোষণা কৰিছে। পেন্টাগনে এটা বিবৃতিত কালি কয় যে এই সাহায্যৰাশি ইউক্রেইনৰ সুৰক্ষা আৰু প্ৰতিৰক্ষা প্ৰয়োজন পূৰণ কৰাত ব্যৱহৃত হ'ব। এই সাহায্যৰ অধীনত ৰাষ্ট্ৰীয় উন্নত স্থলভাগৰ পৰা আকাশমাৰ্গলৈ নিক্ষেপ কৰিব পৰা ক্ষেপণাস্ত্ৰ ব্যৱস্থা, স্ট্রিংগাৰ ক্ষেপনাস্ত্র, গুলি-বাদকে ধৰি ভালেমান অত্যাধুনিক সমাজ কিয়েভক প্ৰদান কৰা হ'ব। ভাৰতীয় উচ্চ পর্যায়ৰ প্ৰতিনিধি দলৰ সক্ৰিয় অংশগ্ৰহণেৰে জি- ২০ৰ এ...

September 4, 2024 12:03 PM

views 35

প’লটাভাৰৰ সামৰিক প্ৰতিষ্ঠানত ৰাছিয়াই চলোৱা আক্ৰমণত ৪১ জন লোক নিহতৰ লগতে ১৮০ জনতকৈ অধিক লোক আহত

ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ'ল'ডিমিৰ জেলেনস্কিয়ে কৈছে যে দেশখনৰ কেন্দ্ৰীয় চহৰ প'লটাভাৰ এখন সামৰিক প্ৰতিষ্ঠানত ৰাছিয়াই চলোৱা আক্ৰমণৰ ফলত কমেও ৪১ জন লোক নিহত হোৱাৰ লগতে ১৮০ জনতকৈ অধিক লোক আহত হৈছে। তেওঁ কয় যে চহৰখনত ৰাছিয়াই দুটা বেলিষ্টিক মিছাইলেৰে কালি এই আক্রমণ সংঘটিত কৰিছে। এই আক্ৰমণৰ ফলত বহু লোক এতিয়াও ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছে। স্থানীয় সংবাদ মাধ্যমে প্রকাশ কৰা অনুসৰি যোৱা কেইটামান সপ্তাহত ৰাছিয়াই ইউক্রেইনত ক্ষেপণাস্ত্ৰ আৰু ড্রোন আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে।

July 10, 2024 11:55 AM

views 25

প্ৰধানমন্ত্ৰী মোদীক ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অৱ ছেইণ্ট এন্ড্রিউ দ্য এপষ্টল আনুষ্ঠানিকভাৱে প্ৰদান

ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কালি ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অৱ ছেইণ্ট এন্ড্রিউ দ্য এপষ্টল আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। দেশখনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে শ্রীমোদীক এই সন্মান প্ৰদান কৰে। ভাৰত আৰু ৰাছিয়াৰ মাজত দ্বিপাক্ষিক সম্পর্ক বৃদ্ধিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই সন্মান আগবঢ়োৱা হৈছে। দুদিনীয়া ভ্রমণসূচীৰে মস্কোত উপস্থিত হোৱা প্ৰধানমন্ত্রী মোদীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত কালি বিয়লি ৰাছিয়াৰ...