January 25, 2025 6:21 PM

views 13

ৰাজ্যত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ

ৰাজ্যত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। দেশৰ এই ঐতিহাসিক ক্ষণত যাতে কোনোধৰণৰ কূটাঘাতমূলক ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে। ৰে'ল আৰক্ষীয়েও ৰে’ললাইনসমূহত সতর্ক দৃষ্টি ৰাখিছে। গুৱাহাটীৰ খানাপাৰাৰ অসম পশুপালন আৰু পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পতাকা উন্মোচন কৰিব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কাইলৈ ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰিব। মুখ্যমন্ত্ৰীয়ে তেওঁৰ জাপান...