June 7, 2025 6:34 PM June 7, 2025 6:34 PM
9
মহানগৰৰ ৰূপনগৰত যোৱা নিশা হোৱা ভূমিস্খলনত এজন লোকৰ মৃত্যু
গুৱাহাটী মহানগৰৰ ৰূপনগৰত যোৱা নিশা ভূমিস্খলনৰ ঘটনা সংঘটিত হৈ এজন লোকৰ মৃত্যু হৈছে। ৰূপনগৰৰ পাহাৰৰ নামনিত থকা দুটা পৰিয়ালৰ বাসগৃহৰ ওপৰত পাহাৰৰ পৰা এটা প্ৰকাণ্ড শিল খহি পৰে। খহি পৰা শিল আৰু মাটিয়ে ৰেণু বৰ্মন আৰু বিনয় সিং নামৰ দুজন লোকৰ ঘৰ ধ্বংসস্তূপত পৰিণত কৰে। খহি পৰা মাটিৰ তলত মনেশ্বৰ ৰাজবংশী নামৰ এজন লোক আৱদ্ধ হৈ পৰে। ৰেণু বৰ্মনৰ তোলনীয়া পত্ৰ মনেশ্বৰ ৰাজবংশীক উদ্ধাৰৰ বাবে এছ ডি আৰ এফ আৰু অগ্নিনির্বাপক বাহিনীয়ে নিশাই অভিযান আৰম্ভ কৰে। প্ৰায় ১৫ ঘণ্টা অভিযানত অন্তত উদ্ধাৰকাৰী দলে মনেশ্বৰ ৰাজ...