July 17, 2025 1:47 PM

views 20

মৰিয়নি বিধানসভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বাহনত অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ

যোৰহাট জিলাৰ মৰিয়নি বিধানসভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বাহনত কালি নিশা অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰে। আক্ৰমণত বাহনখনৰ ক্ষতি হয় যদিও বিধায়কগৰাকী কথমপি ৰক্ষা পৰে। যোৰহাটৰ পৰা গুৱাহাটীলৈ আহি থকা অৱস্থাত বোকাখাতৰ কুৰুৱাবাহী তিনিআলিত এই ঘটনা সংঘটিত হয়। ইতিমধ্যে বোকাখাত আৰক্ষীয়ে দোষীক কৰায়ত্ব কৰাৰ বাবে তদন্ত আৰম্ভ কৰিছে।