August 11, 2024 7:41 PM

views 20

ননৈ, কামপুৰ আৰু বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ সৈতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ বৈঠক

শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আজি ননৈ, কামপুৰ আৰু বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে শিক্ষানুষ্ঠান কেইখনত ইতিবাচক শিক্ষণ পৰিৱেশ গঢ়িতোলাৰ উদ্দেশ্যে প্রয়োজনীয় সকলো সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। মন্ত্ৰীগৰাকীয়ে অধ্যক্ষসকলৰ সৈতে আন্তঃগাঁথনি বিকাশ তথা কৰ্মচাৰী নিয়োগৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ সম্পৰ্কে আলোচনা কৰে।