April 27, 2025 12:14 PM

views 34

তিনিচুকীয়াৰ কাকপথাৰত মৰাণ জনগোষ্ঠীৰ ৰাতি বিহু উদযাপন

তিনিচুকীয়াৰ কাকপথাৰত উলহ-মালহেৰে কালি মৰাণ জনগোষ্ঠীৰ লোকসকলে ৰাতি বিহু উদযাপন কৰে। মন্ত্রী পীযূষ হাজৰিকাই এই কাৰ্যসূচীত অংশ লৈ সকলোৰে জীৱন সমৃদ্ধিশালী হোৱাৰ কামনা কৰে। বিধায়ক বলীন চেতিয়া, প্রাক্তন বিধায়ক দিলীপ মৰাণকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে এই অনুষ্ঠানত অংশ লয়।

April 20, 2025 11:19 AM

views 22

সাদিনীয়া ৰঙালী বিহুৰ আজি চেৰা বা এৰা বিহু

সাদিনীয়া ৰঙালী বিহুৰ আজি শেষৰ দিনাটো চেৰা বা এৰা বিহু হিচাপে পালন কৰা হৈছে। পৰম্পৰা অনুসৰি চেৰা বিহুৰ দিনা দৈ আৰু পঁইতা ভাত খোৱা হয় আৰু বিচনীৰে জুৰ লোৱা হয়। এনেদৰে বিচনীবে জুব ল'লে বছৰটোলৈ দেহা শাঁত পৰি থাকে বুলি বিশ্বাস কৰা হয়। চেৰা বিহুৰ সৈতে বিভিন্ন ৰীতি-নীতি প্রচলিত আছে। ৰাজ্যৰ ঠায়ে ঠায়ে আজি বিহু উৰুওৱা বা বিহু ভঙা উৎসৱ পালন কৰা হ'ব। উজনি অসমৰ কোনো কোনো স্থানত আজি পৰম্পৰা অনুসৰি ৰাইজে বৰগছৰ গুৰিত হাঁচতি আগবঢ়াই বিহু উৰুওৱাৰ প্ৰথা আছে। মাজুলীৰ কমলাবাৰী সত্ৰত আজি চেৰা বিহু উপলক্ষে পুৱাতে...

April 20, 2025 11:15 AM

views 19

ব’হাগ বিহুৰ পৰম্পৰা হিচাপে নামনি অসমৰ বিভিন্ন ঠাইত পাউৰাতোলা আৰু ভঠেলি উৎসৱৰ আয়োজন

ব'হাগ বিহুৰ পৰম্পৰাৰ অংশ হিচাপে আজি নামনি অসমৰ কোনো কোনো ঠাইত বাঁহ গোঁসাই, পাউৰাতোলা আৰু ভঠেলি উৎসৱৰ আয়োজন কৰা হৈছে। বাক্সা জিলাৰ গোৰেশ্বৰৰ বেতনাত শৰণীয়া কছাৰী জনগোষ্ঠীয়ে পৰহিৰে পৰা তিনিদিনীয়াকৈ আয়োজন কৰা বাঁহ গোঁসাই উৎসৱৰ আজি সামৰণি পৰিব। এই উৎসৱৰ অংশ হিচাপে বাঁহ গোসাঁই পূজাৰ পৰম্পৰা ৰক্ষা কৰাৰ লগতে শৰণীয়া লোক নৃত্য-গীত পৰিৱেশন কৰা হৈছে ৷ বজালী জিলাৰ বিভিন্ন স্থানত আজি পাউৰাতোলা উৎসৱৰ আয়োজন কৰা হৈছে। পৰম্পৰা অনুসৰি এই উৎসৱৰ বাবে বাঁহ গোঁসাইক ৰং বিৰঙী বস্ত্ৰৰে সজাই এটা নিৰ্দিষ্ট স্থানলৈ ল...

April 16, 2025 12:09 PM

views 15

সাদিনীয়া ব’হাগ বিহুৰ আজি গোসাঁই বিহু পালন

সাদিনীয়া ব'হাগ বিহুৰ আজি গোসাঁই বিহু। ৰঙালী বিহুৰ তৃতীয় দিনা অসমবাসীয়ে আজি পৰম্পৰাগতভাৱে গোসাঁই বিহু হিচাপে পালন কৰে। আজি পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ, নামঘৰ, মন্দিৰ, দেৱালয়কে ধৰি ধৰ্মীয় অনুষ্ঠানসমূহত জনসাধাৰণে ভিৰ কৰিছে। বিভিন্ন সত্ৰ-নামঘৰত আজি নাম-প্ৰসংগ, মন্দিৰসমূহত পূজা-অৰ্চনাকে ধৰি ভালেমান কাৰ্যসূচী লোৱা হৈছে। বছৰটোৰ বাবে নিজৰ লগতে আপোনজনৰ মংগল কামনাৰে ৰাইজে আজি নেদেখাজনৰ ওচৰত আশীষ ল'ব।

April 15, 2025 7:33 PM

views 21

ৰাজ্যৰ বিভিন্ন জিলাত বোকাখেল, লোক ৰীতি আৰু পৰম্পৰাৰে ৰঙালী বিহু উদযাপন

শিৱসাগৰ জিলাত ৰংপুৰ ৰঙালী বিহু সন্মিলনৰ উদ্যোগত আজি ৰংঘৰৰ বাকৰিত মুকলি বিহুৰ আয়োজন কৰা হয়। তলাতল ঘৰৰ পৰা ৰংঘৰৰ বাকৰিলৈ প্ৰতীকি স্বৰ্গদেউক লৈ সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। জাতি-বর্ণ নির্বিশেষে সকলো লোকে অংশগ্ৰহণ কৰা এই ৰঙালী বিহুৰ কাৰ্যসূচীত পৰম্পৰাগত খেল-ধেমালি আৰু বিহু-হুঁচৰি অনুষ্ঠান পৰিৱেশন কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মন্ত্ৰী পীযূষ হাজৰিকাই ৰাজ্যবাসীক বিহু শুভেচ্ছা জ্ঞাপন কৰে। মাজুলীৰ সত্ৰসমূহত বৈষ্ণৱসকলে ৰঙালী বিহু উপলক্ষে বোকাখেল খেলে। লোক ৰীতি আৰু পৰম্পৰাৰ মাজে...

April 15, 2025 1:09 PM

views 15

বহাগৰ পহিলা দিনটো পৰম্পৰাগতভাৱে ৰাজ্যজুৰি মানুহ বিহু পালন

বহাগৰ পহিলা দিনটোত আজি পৰম্পৰাগতভাৱে ৰাজ্যজুৰি মানুহ বিহু পালন কৰা হৈছে। এই উপলক্ষে সমগ্র ৰাজ্যতে উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰিছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঢোল, পেঁপা, গগনাৰ শব্দই মুখৰিত কৰি তুলিছে। আজি অসমবাসীয়ে হেঁপাহৰ বিহুৱান বিনিময় কৰি পৰস্পৰৰ কুশল কামনা কৰাৰ লগতে জ্যেষ্ঠজনৰ আশিস লৈছে। বিভিন্ন ঠাইত মঞ্চ বিহুৰ কাৰ্যসূচীও হাতত লোৱা হৈছে। ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীয়েও কালিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে লতাশিল খেলপথাৰত ৰঙালী বিহুৰ আয়োজন কৰিছে। শিৱসাগৰৰ ৰংঘৰৰ বাকৰিতো আজি ৰঙালী বিহুৰ বিভিন...

April 14, 2025 6:53 PM

views 28

ৰাজ্যৰ বিভিন্ন প্ৰান্তত গৰু বিহু পালন

অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ প্ৰথম দিনটো আজি গৰু বিহু হিচাপে সমগ্ৰ ৰাজ্যজুৰি উদযাপন কৰা হৈছে। এই উপলক্ষে পুৱাৰে পৰা নৈৰ ঘাট আৰু খাল-বিলসমূহত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। পুৱাই গঞা ৰাইজে গোহালিৰ গৰুকেইটা নোৱাই ধোৱাই বছৰটোলৈ গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে বিহু উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে বিহুৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা বৈশাখী, পহিলা বৈশাখ, মেষাদি, পুতান্দু পিৰাপুকে ধৰি নৱবৰ্ষৰ উৎসৱসমূহৰ বাবে শুভে...

April 13, 2025 11:15 AM

views 15

অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুৰ আজি উৰুকা

অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুৰ আজি উৰুকা। কাইলৈ জনসাধাৰণে গো-ধনৰ শ্ৰীবৃদ্ধি কামনাৰে গৰু বিহু পালন কৰিব। গৰু বিহুৰ বাবে ৰাজ্যৰ প্রান্তে প্রান্তে প্রস্তুতি প্রায় সম্পূৰ্ণ হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন বজাৰত প্রয়োজনীয় মাখিয়তি, দীঘলতি, থেকেৰা, বৰবেঙেনা, পানীলাও, হালধি আদি উপলব্ধ হৈছে। পৰহিলৈ অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিনত হেঁপাহৰ বিহুৱান লৈ বছৰটোৰ বাবে ৰাজ্যবাসীয়ে পৰস্পৰৰ কুশল কামনা কৰিব। ৰাজ্যজুৰি বিহু উপলক্ষে উৎসৱ মুখৰ পৰিৱেশ সৃষ্টি হোৱাৰ লগতে জনসাধাৰণ অসমীয়া নৱবৰ্ষক পৰম্পৰাগত ৰীতি-নীতিৰে আদৰি...

April 10, 2025 6:47 PM

views 23

ৰাজ্যজুৰি ৰঙালী বিহুৰ প্ৰস্তুতি অব্যাহত

অসমবাসী হেঁপাহৰ ৰঙালী বিহুলৈ মাজত তিনিটা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি জনসাধাৰণৰ মনত উৎসাহ-উদ্দীপনাই বিৰাজ কৰিছে। উজনিৰ পৰা নামনিলৈ বিহুৰ আখৰা কৰা ডেকাৰ ঢোলৰ গুমগুমনি আৰু নাচনীৰ নাচোনৰ চেৱত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। চৌদিশে পঞ্চায়ত নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে আপোনজনক উপহাৰ দিয়াৰ বাবে জনসাধাৰণে বজাৰসমূহত ভিৰ কৰা পৰিলক্ষিত হৈছে। ইপিনে, ভৌগালিক সূচাংক লাভ কৰা গামোচাৰ চাহিদা বৃদ্ধি হোৱাৰ বিপৰীতে প্ৰশাসনে বহিঃৰাজ্যত প্ৰস্তুত কৰা যন্ত্ৰচালিত শালত প্ৰস্তুত কৰা গামোচাৰ আমদানি ৰোধ কৰাৰ ব্যৱস্থা কৰিছে...

April 9, 2025 8:07 PM

views 30

হেঁপাহৰ ৰঙালী বিহুক আদৰাৰ বাবে সাজু ৰাজ্যবাসী

গছ-বিৰিখে কুঁহিপাত সলাই, কুলি-কেতেকীয়ে গীত জুৰি বসন্তৰ আগজাননী দিয়াৰ লগে লগে অসমবাসী হেঁপাহৰ ৰঙালী বিহু পালনৰ বাবে সাজু হৈছে। উজনিৰ পৰা নামনিলৈ বিহুৰ আখৰা কৰা ডেকাৰ ঢোলৰ গুমগুমনি আৰু নাচনীৰ নাচোনৰ চেৱত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। বিহুলৈ মাজত চাৰিটা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি জনসাধাৰণৰ মনত উৎসাহ-উদ্দীপনাই বিৰাজ কৰিছে। প্ৰতিকূল সময়ৰ প্ৰত্যাহ্বান নেওচি অসমীয়াই বছৰি হেঁপাহৰ উৎসৱটি পৰম্পৰাগত ৰীতি-নীতিৰে পালন কৰি আহিছে। এইবাৰো চৌদিশে পঞ্চায়ত নিৰ্বাচনৰ ব্যস্ততাৰ মাজতো অসমবাসীৰ বিহুৰ উৎসাহ অট...