August 22, 2024 5:40 PM

views 63

১৭ বছৰ অনুৰ্ধ বিশ্ব মল্লযুঁজ প্ৰতিযোগিতাত ৰোনাক দহিয়াৰ ব্ৰঞ্জৰ পদক অর্জন

ভাৰতৰ ৰোনাক দহিয়াই জর্ডানত অনুষ্ঠিত ১৭ বছৰ অনুৰ্ধ বিশ্ব মল্লযুঁজ প্ৰতিযোগিতাৰ ১১০ কিলোগ্রাম শাখাত ব্ৰঞ্জৰ পদক অর্জন কৰিছে। গুৰুত্বপূৰ্ণ পদক মেচখনত ডাহিয়াই তুৰ্কীৰ মল্লযুঁজাৰ ইমৰুল্লাহ কাপকানক ৬-১ ফলাফলত পৰাস্ত কৰে। ইয়াৰ লগে লগে ভাৰতে পুৰুষৰ গ্ৰীক-ৰোমান শাখাৰ চেম্পিয়নশ্বিপত দুটা ব্ৰঞ্জৰ পদক লাভ কৰি এই শৃংখলা সমাপ্ত কৰিছে উল্লেখযোগ্য ছাইনাথ পার্ধিয়েও এই চেম্পিয়নশ্বিপত ৫১ কিলোগ্রাম শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছে।