December 29, 2025 8:23 PM

views 29

আজিৰে পৰা সপ্তদশ জুনিয়ৰ ৰোল বল ৰাষ্ট্ৰীয় প্রতিযোগিতা আৰম্ভ

জম্মুৰ মৌলানা আজাদ ষ্টেডিয়াম স্কেটিং ৰিংকত আজিৰে পৰা সপ্তদশ জুনিয়ৰ ৰোল বল ৰাষ্ট্ৰীয় প্রতিযোগিতা আৰম্ভ হৈছে। দেশৰ ২৬ খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ প্ৰায় ৬০০ খেলুৱৈ আৰু কর্মকর্তাই এই প্রতিযোগিতাত অংশগ্ৰহণ কৰিছে। ৰোল বলক নতুন প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলা আৰু অঞ্চলটোৰ ক্ৰীড়া সংস্কৃতিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। অসমৰ ল'ৰা আৰু ছোৱালীৰ দলে এই প্রতিযোগিতাত অংশগ্রহণ কৰিছে।