October 31, 2025 7:05 PM
127
অসমসহ দেশৰ বিভিন্ন প্রান্তত জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে মুক্তি
বহু প্রতীক্ষাৰ অন্তত আজি অসমসহ দেশৰ বিভিন্ন প্রান্তত জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে মুক্তি দিয়া হয়। ৰাজ্যৰ বহু ঠাইত পুৱা ৪ বাজি ২৫ মিনিটত ছবিখনৰ প্ৰথমটো দর্শনী প্ৰদৰ্শন কৰা হয়। প্ৰাণৰ শিল্পীগৰাকীৰ শেষ ছবিখন উপভোগ কৰিবলৈ ধলপুৱাতে বিভিন্ন ঠাইৰ ছবিগৃহসমূহত অনুৰাগীসকলে ভিৰ কৰে। পুৱাৰ ভাগত অহা বৰষুণকো নেওচি ডেকা-বুঢ়া নির্বিশেষে সকলো বয়সৰ লোকে ছবিগৃহ ভিৰ কৰিছে। প্ৰতিটো ছবিগৃহতে অহা কিছুদিনলৈ সকলো দর্শনীৰ বাবে দর্শকসকলে টিকট ক্ৰয় কৰিছে। কাছাৰ জিলাৰ শিলচৰৰ ছবিগৃহসমূহতো অগণন দৰ্শকৰ ভিৰ পৰিলক্ষিত...