May 8, 2025 10:33 AM

views 10

টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ৰোহিত শৰ্মাৰ

ৰোহিত শৰ্মাই ততালিকে কাৰ্যকৰী হোৱাকৈ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লৈছে। খেলুৱৈগৰাকীয়ে কালি সামাজিক মাধ্যম যোগে এই কথা ঘোষণা কৰে। ৰোহিত শৰ্মাই ৬৭ খন টেষ্টত ১২টা শতক আৰু ১৮টা অৰ্ধ শতকৰ সহায়ত ৪৭ দশমিক ৫-৭ গড় হাৰত ৪ হাজাৰ ৩০১ ৰান সংগ্ৰহ কৰিছে। ৩৮ বছৰীয়া খেলুৱৈগৰাকীয়ে এদিনীয়া ক্রিকেটত দেশক প্রতিনিধিত্ব কৰি যাব।