October 30, 2024 12:08 PM

views 19

ৰোহন বোপন্না-মেথিউ এবডেনৰ যুটি পেৰিছ মাষ্টাৰ্ছ টেনিছ প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত

ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটিটো পেৰিছ মাষ্টাৰ্ছ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। বোপন্না আৰু এবডেনৰ যুটিটোৱে কালি প্রি-কোৱাৰ্টাৰ ফাইনেলত জাৰ্মানীৰ আলেকজেণ্ডাৰ জেভৰেভ আৰু ব্ৰাজিলৰ মাৰ্ছেলো মেলোৰ যুটিটোক ৬-৪, ৭-৬ পোনপটীয়া ছেটত পৰাস্ত কৰে। ইপিনে, বোপন্না আৰু এবডেনৰ যুটিটোৱে ১০ নৱেম্বৰত ইটালীৰ টুৰিণত হ'বলগীয়া এ টি পি প্রতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে।