January 20, 2025 8:18 PM

views 10

ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ সৈতে সংগতি ৰাখি শিৱসাগৰৰ পৰিবহণ নিগমৰ বাছ আস্থানত সজাগতা সভা

ৰাজ্যত পহিলা জানুৱাৰীত আৰম্ভ হোৱা ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ সৈতে সংগতি ৰাখি আজি শিৱসাগৰ জিলাৰ পৰিবহণ নিগমৰ বাছ আস্থানত এখন সজাগতা সভা অনুষ্ঠিত হয়। পথ সজাগতাৰ উদ্দেশ্যে সভাত এখন বাটৰ নাটো প্ৰদৰ্শন কৰা হয়। শিৱসাগৰ জিলা পৰিবহণ বিষয়া কাৰ্যালয় আৰু উজনি অসম বাছ মালিক সন্থাৰ উদ্যোগত আয়োজিত এই পথ সজাগতা সভাত পৰিবহণ মন্ত্রী যোগেন মহন মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে যান-বাহন চলাওঁতে যাৱতীয় নিয়ম মানি চলাৰ লগতে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায়। ৰাজ্য চৰকাৰে পথ সুৰক্ষা নিশ্চিতকৰণ...