January 21, 2025 8:37 PM

views 11

ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ উপলক্ষে গুৱাহাটী মহানগৰত পথ সুৰক্ষাৰ বিষয়ত সজাগতা কাৰ্যসূচী

ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনস্থ মাই ভাৰত নেহৰু যুৱ কেন্দ্ৰ সংগঠনে সমগ্ৰ দেশতে যোৱা ১৭ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহৰ বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰিছে। এই কাৰ্যসুচীৰ অংশ হিচাপে আজি কামৰূপ মহানগৰ জিলা নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আৰু জিলা পৰিবহণ বিভাগৰ সহযোগত গুৱাহাটী মহানগৰৰ বিস্তৃত এলেকাত পথ সুৰক্ষাৰ বিষয়ে এলানি সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই উদ্দেশ্যে ৫ শতাধিক স্বেচ্ছাসেৱক, এন চি চি কেডেট আৰু ৰাষ্ট্ৰীয় সেৱা যোজনাৰ স্বেচ্ছাসেৱকসকলে হাতে হাতে ব...