August 3, 2025 7:10 PM August 3, 2025 7:10 PM
5
নগাওঁ জিলাত পথ সুৰক্ষাৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে আয়োজিত বাইক সমদল মুকলি কৰে বিধায়ক ৰূপক শৰ্মাই
পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি নগাওঁ জিলা আযুক্তৰ কাৰ্যালয়ৰ চৌহদৰ পৰা এটা বাইক সমদল উলিওৱা হয়। নৱ প্ৰজন্মৰ মাজত যান-বাহন আইন তথা পথ সুৰক্ষাৰ সজাগতা সৃষ্টিৰ বাবে আয়োজিত এই বাইক সমদল মুকলি কৰি নগাওঁ-বটদ্ৰবা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই মটৰ চাইকেল চলোৱাৰ সময়ত সকলোকে হেলমেট পৰিধান কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে যান-বাহন আইন মানি চলি নিজৰ লগতে আনৰো জীৱন ৰক্ষা কৰিবলৈ অনুৰোধ জনায়। জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই এই বাইক সমদলত অংশ লৈ ৰাজপথত মটৰ চাইকেল চলোৱাৰ সময়ত সাৱধানতা অৱলম্বন কৰাৰ...