May 21, 2024 11:35 AM

views 16

চত্তিশগড়ত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৯লৈ বৃদ্ধি

চত্তিশগড়ত কালি সংঘটিত দুর্ভাগ্যজনক পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৯লৈ বৃদ্ধি পাইছে। ৰাজ্যখনৰ কুকদুৰ আৰক্ষী চকীৰ অন্তৰ্গত কবিৰধাম জিলাৰ বাহপানী গাঁওৰ সমীপৰ খাৱৈত এখন বাহনে নিয়ন্ত্রণ হেৰুৱাই বাগৰি পৰাৰ ফলত এই দুর্ঘটনা সংঘটিত হয়। বাহনখনত মুঠ ২৫ জন লোক আছিল আৰু তেওঁলোকে হাবিৰ পৰা তেন্দু গছৰ পাত চিঙি নিজৰ গাঁও অভিমুখে গৈ আছিল। দুৰ্ঘটনাত ১৩ গৰাকী লোক থিতাতে নিহত হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আঘাতপ্রাপ্ত তথা চিকিৎসালয়ত ভৰ্তি কৰোৱা অন্য ১২ গৰাকী লোকৰ ভিতৰত ৬ গৰাকীৰ পাছত মৃত্যু হয়। ঘটনাত মৃত্যু হোৱ...

May 20, 2024 8:59 PM

views 21

চত্তিশগড়ত পথ দুৰ্ঘটনাত ১৫জন লোকৰ মৃত্যু; ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

চত্তিশগড়ত এটা পথ দুৰ্ঘটনাত ১৪ গৰাকী মহিলাকে ধৰি ১৫ জন লোকৰ মৃত্যু হৈছে। ৰাজ্যখনৰ কুকদুৰ আৰক্ষী চকীৰ অন্তৰ্গত কবিৰধাম জিলাত এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই বাঁহপানী গাঁৱৰ সমীপৰ খাৱৈত বাগৰি পৰাৰ ফলত এই দুর্ঘটনা সংঘটিত হয়। বাহনখনত মুঠ ২৫ জন লোক আছিল আৰু তেওঁলোকে হাবিৰ পৰা তেন্দু গছৰ পাত চিঙি নিজৰ গাঁও অভিমুখে গৈ আছিল। দুৰ্ঘটনাত আঘাতপ্রাপ্ত ৮ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্ঘটনাত গভীৰ শোক প্ৰকা...