December 10, 2024 6:44 PM

views 36

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ টেক্সট বা ভইচ বাৰ্তাৰ আধাৰত প্ৰতিমাহে একোটাকৈ অনুষ্ঠান প্ৰচাৰৰ দিহা কৰিছে

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে ইয়াৰ বাতৰি আৰু আন অনুষ্ঠান সম্পৰ্কত শ্ৰোতাসকলৰ পৰা পোনপটীয়াকৈ মতামত, অভিযোগ আৰু পৰামৰ্শ লোৱাৰ ব্যৱস্থা কৰিছে। ইয়াৰ বাবে ৯৮৬৪০-৫৫৫৬৬ নম্বৰৰ Whatsapp যোগে মতামত গ্ৰহণৰ ব্যৱস্থা মুকলি কৰা হৈছে। শ্ৰোতাসকলৰ পৰা লাভ কৰা টেক্সট বা ভইচ বাৰ্তাৰ আধাৰত প্ৰতিমাহে একোটাকৈ অনুষ্ঠান প্ৰচাৰৰো দিহা কৰা হৈছে। অহা শনিবাৰ ১৪ ডিচেম্বৰৰ নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত ইয়াৰ প্ৰথম খণ্ড প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠান চলি থকাৰ সময়তো আগ্রহী শ্রোতাই ২৬৬১৮৭৬ আৰু ২৬৬২৩২৫ এই ...

December 3, 2024 4:58 PM

views 33

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ব্রডকাষ্ট এছিছটেণ্ট পদৰ বাবে ৫ ডিচেম্বৰত WALK-IN INTERVIEW

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগত অংশকালীন ব্রডকাষ্ট এছিছটেণ্ট নিয়োগৰ বাবে অহা ৫ ডিচেম্বৰ বৃহস্পতিবাৰে দিনৰ ১০ বজাৰ পৰা বাতৰি বিভাগৰ সঞ্চালকৰ কক্ষত এটা WALK-IN INTERVIEW অনুষ্ঠিত হ'ব। ২১ বছৰৰ পৰা ৪৫ বছৰ বয়সৰ স্নাতক প্ৰাৰ্থীয়ে এই সাক্ষাৎকাৰত অংশগ্রহণ কৰিব পাৰিব। প্ৰাৰ্থীৰ কম্পিউটাৰ বিষয়ক সম্যক জ্ঞান, SOCIAL MEDIA অর্থাৎ সামাজিক মাধ্যমত কাম কৰাৰ অভিজ্ঞতা, আকাশবাণীৰ বাতৰি আৰু অনুষ্ঠান সম্পৰ্কীয় সাধাৰণ জ্ঞান থকাৰ লগতে কণ্ঠ বাণীবন্ধন আৰু সম্পাদনাৰ জ্ঞান থাকিব লাগিব। প্রার্থী গুৱাহাটী মহানগ...

June 1, 2024 1:33 PM

views 64

আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা 

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাত অনুষ্ঠানত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অধিবক্তা নিকুঞ্জ দেৱ শৰ্মা আৰু অপবাধ অনুসন্ধান শাখাৰ বিশেষ আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি গোস্বামী অতিথি হিচাপে উপস্থিত থাকিব। আগ্রহী শ্রোতাই অনুষ্ঠান চলি থকাৰ সময়ত ০৩৬১-২৬৬১৮৭৬ অথবা ২৬৬২৩২৫ নম্বৰত ফোন কৰি অতিথিৰ সৈতে কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব মানসপ্রতীম শৰ্মাই।

May 31, 2024 8:21 PM

views 40

কাইলৈ আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্তঠানত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাতত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অধিবক্তা নিকুঞ্জ দেৱ শৰ্মা আৰু অপৰাধ অনুসন্ধান শাখাৰ বিশেষ আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি গোস্বামী অতিথি হিচাপে উপস্থিত থাকিব। আগ্রহী শ্রোতাই অনুষ্ঠান চলি থকাৰ সময়ত ০৩৬১-২৬৬১৮৭৬ অথবা ২৬৬২৩২৫ নম্বৰত ফোন কৰি অতিথিৰ সৈতে কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব মানস প্ৰতীম শৰ্মাই।

April 3, 2024 12:27 PM

views 41

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ শ্ল’গান আৰু জিংগ্‌ল প্ৰতিযোগিতাৰ ফলাফলসমূহ ঘোষণা

♦ সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টিৰ লগতে প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া যুৱ ভোটদাতাসকলক উৎসাহিত কৰাৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আয়োজন কৰা শ্ল'গান আৰু জিংগ্‌ল প্ৰতিযোগিতাৰ ফলাফলসমূহ ঘোষণা কৰা হৈছে। এই ফলাফল অনুসৰি কটন বিশ্ববিদ্যালয়ৰ স্নাতক চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰ হৃষীকেশ বড়োৱে প্ৰথম পুৰস্কাৰ লাভ কৰিছে। দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ স্নাতক দ্বিতীয় বৰ্ষৰ ছাত্ৰী সুকন্যা শর্মাই। Read More News : মা...