February 1, 2025 6:27 PM

views 18

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ কপিলী নৈৰ দলং মুকলি

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি মৰিগাঁও জিলাত জাগীৰোড-মৰিগাঁও সংযোগী ৭১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত থকা ৭৩ কোটি টকা ব্যয়সাপেক্ষে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে নিৰ্মাণ কৰা কপিলী নৈৰ দলংখন মুকলি কৰে। এই দলংখনে মৰিগাঁও জিলাৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থাত প্ৰভূত পৰিৱৰ্তন আনিব বুলি ড° শৰ্মাই আস্থা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ নিকটৱৰ্তী এখন উদ্যোগিক পামৰ নিৰ্মাণকাৰ্যৰো আজি শুভাৰম্ভ কৰে। প্ৰায় ৬০০ বিঘা ভূমিত স্থাপন হ'বলগীয়া এই উদ্যোগিক পামত চিকিৎসালয়, হোটেলক...