August 12, 2025 12:47 PM

views 20

বেংককত অনুষ্ঠিত এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ৰিতিকাৰ সোণৰ পদক

১৯ আৰু ২২ বছৰ অনূৰ্ধ্ব এছিয়ান বক্সিং চেম্পিয়নশ্বিপত মহিলাৰ ৮০ কিলোগ্রাম ঊৰ্ধ্বৰ শাখাত ৰিতিকাৰ সোণৰ পদক জয়েৰে ভাৰতে সফলতাৰে নিজৰ অভিযান সামৰিছে। বেংককত অনুষ্ঠিত এই প্ৰতিযোগিতাত ভাৰতে দুয়োটা বয়সৰ শাখাতে মুঠ ২৭টা পদক অৰ্জন কৰে। ১৯ বছৰ অনূৰ্ধ্ব দলটোৱে তিনিটা সোণ, ৭টা ৰূপ আৰু ৪টা ব্ৰঞ্জসহ মুঠ ১৪টা পদকেৰে প্ৰতিযোগিতাত দ্বিতীয় স্থান দখল কৰে। ভাৰতীয় দলটো কেৱল এটা সোণৰ পদকৰ বাবে উজবেকিস্তানৰ পিছ পৰি থাকে। আনহাতে ২২ বছৰ অনূৰ্ধ্ব দলটো এটা সোণ, চাৰিটা ৰূপ আৰু ৮টা ব্ৰঞ্জসহ মুঠ ১৩টা পদকেৰে চতুৰ্থ স্থান...