March 28, 2025 7:08 PM

views 13

ৰিতিকা হুদা এছিয়ান চেম্পিয়নশ্বিপ মল্লযুদ্ধ প্রতিযোগিতাৰ ৭৬ কিলোগ্রাম ওজন শাখাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ ৰিতিকা হুদাই জৰ্দানৰ আম্মানত চলি থকা এছিয়ান চেম্পিয়নশ্বিপ মল্লযুদ্ধ প্রতিযোগিতাৰ ৭৬ কিলোগ্রাম ওজন শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছেমি ফাইনেলত কালি ৰিতিকাই জাপানৰ নদোক য়ামামতোক পৰাস্ত কৰে। ফাইনেলত খেলুৱৈগৰাকী দুবাৰ এছিয়ান চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰা কিগিস্তানৰ আইপেৰী মেডেট কিজিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

August 10, 2024 1:21 PM

views 12

পেৰিছ অলিম্পিকত মহিলাৰ মল্লযুদ্ধৰ ৭৬ কিলোগ্রাম ওজন শাখাত আজি ৰিতিকা হুদা হাংগেৰীৰ বর্নাডেট নেগীৰ বিৰুদ্ধে অৱতীৰ্ণ

ভাৰতৰ অন্তিমগৰাকী প্রতিদ্বন্দ্বী ৰিতিকা হুদাই আজি মহিলাৰ মল্লযুদ্ধৰ ৭৬ কিলোগ্রাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানত অভিযান আৰম্ভ কৰিব। ২২ বছৰীয়া খেলুৱৈগৰাকী প্ৰথম ৰাউণ্ডত হাংগেৰীৰ বর্নাডেট নেগীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ আঢ়ৈ বজাত আৰম্ভ হ'ব।