October 29, 2025 11:44 AM
37
জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত এছ আই টিৰ ওচৰত সাক্ষ্য প্ৰদান বিশিষ্ট সাহিত্যিক ড০ ৰীতা চৌধুৰীৰ
বিশিষ্ট সাহিত্যিক ড০ ৰীতা চৌধুৰীয়েও কালি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত চলি থকা তদন্তৰ প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়াই গুৱাহাটীৰ উলুবাৰীৰ চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হৈ এছ আই টিৰ ওচৰত সাক্ষ্য প্ৰদান কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত চলি থকা গোচৰত কালি চাংসাৰি আঞ্চলিক ৰঙালী বিহুৰ বিষয়ববীয়াসকলেও বিশেষ তদন্তকাৰী গোটৰ ওচৰত সাক্ষ্য প্ৰদান কৰে। একেদৰে বাদ্যযন্ত্ৰী চবিন দাসেও কালি এছ আই টিৰ ওচৰত ভাষ্য প্ৰদান কৰে।