May 27, 2025 10:58 AM

views 31

যোৱা এটা দশকত অসমৰ ৰাজ্যিক ঘৰুৱা উৎপাদন ১৩ৰ পৰা ১৫ শতাংশ হাৰত বৃদ্ধি পাইছে: মুখ্যমন্ত্ৰী

● ক’ভিড কালক বাদ দি যোৱা এটা দশকত অসমৰ ৰাজ্যিক ঘৰুৱা উৎপাদন ১৩ৰ পৰা ১৫ শতাংশ হাৰত বৃদ্ধি পাইছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। চলিত বছৰত গুৱাহাটী অনুষ্ঠিত এডভান্টেজ আছামৰ তৃতীয় সংস্কৰণত ইয়াৰ প্ৰভাৱ প্ৰতিফলিত হৈছে বুলি ড০ শৰ্মাই উল্লেখ কৰে। কালি দেশৰ ইলেকট্রনিকছ খণ্ডৰ আগশাৰীৰ প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধিৰ সৈতে দিল্লীত অনুষ্ঠিত আছাম ইলেকট্রনিকছ ৰাউণ্ড টেবুল ২০২৫ শীৰ্ষক সন্মিলনত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। অসম উত্তৰ-পূৰ্বাঞ্চলৰ কেন্দ্ৰস্থলত অৱস্থিত হোৱাৰ লগতে কৌশলগত দিশ...

May 25, 2025 10:10 AM

views 23

উত্তৰ-পূব উন্নয়ন আৰু বস্ত্ৰ মন্ত্ৰালয়ে সহযোগিতাৰে উত্তৰ-পূৰ্বাঞ্চলৰ হস্ত-তাঁত খণ্ডৰ উন্নয়নৰ বাবে কাম কৰিব বুলি ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰকাশ

নতুন দিল্লীত আয়োজিত ৰাইজিং নৰ্থ ইষ্ট বিনিয়োগকাৰী শীৰ্ষ সন্মিলন ২০২৫ৰ কালি সামৰণি পৰে। অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ দপ্তৰৰ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই উত্তৰ-পূব উন্নয়ন মন্ত্ৰালয় আৰু বস্ত্ৰ মন্ত্ৰালয়ে সহযোগিতাৰে উত্তৰ-পূৰ্বাঞ্চলৰ হস্ত-তাঁত খণ্ডৰ উন্নয়নৰ বাবে কাম কৰিব বুলি প্ৰকাশ কৰে। উত্তৰ-পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰ অধ্যয়ন কৰি তিনি মাহৰ ভিতৰত হস্ত-তাঁত খণ্ডৰ বিষয়ে প্রতিবেদন দাখিলৰ নিৰ্দেশ দিছে বুলি উল্লেখ কৰি...

May 24, 2025 3:56 PM

views 22

উত্তৰ-পূব অঞ্চলৰ বিকাশ ত্বৰান্বিত কৰাত নবীকৰণযোগ্য শক্তিখণ্ডই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছেঃ প্রহ্লাদ যোশী

উত্তৰ-পূব অঞ্চলৰ বিকাশ ত্বৰান্বিত কৰাত নবীকৰণযোগ্য শক্তিখণ্ডই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি নতুন আৰু নবীকৰণযোগ্য শক্তিমন্ত্রী প্রহ্লাদ যোশীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত ৰাইজিং নৰ্থ-ইষ্ট বিনিয়োগকাৰী সন্মিলনত শক্তিশালী ভাৰতৰ বাবে সেউজ উত্তৰ-পূব, নবীকৰণযোগ্য শক্তিৰ বিকাশ বিষয়ক মন্ত্রী পৰ্যায়ৰ সত্ৰত ভাষণ দি শ্রীযোশীয়ে এই কথা প্রকাশ কৰে। তেওঁ কয়, যে বিগত ১১ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূবত অভূতপূর্ব উন্নয়ন পৰিলক্ষিত হৈছে। মন্ত্ৰীগৰাকীয়ে কয়, যে উত্তৰ-পূবত অ...

May 24, 2025 11:43 AM

views 24

উত্তৰ-পূৰ্বাঞ্চলত অনাগত ৫ বছৰত ৰিলায়েন্স ইণ্ডাষ্ট্রীজে ৭৫ হাজাৰ কোটি টকা বিনিয়োগ কৰিব: মুকেশ আম্বানী

উত্তৰ-পূৰ্বাঞ্চলত অনাগত ৫ বছৰত ৰিলায়েন্স ইণ্ডাষ্ট্রীজে ৭৫ হাজাৰ কোটি টকা বিনিয়োগ কৰিব বুলি ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত বাইজিং নর্থ-ইষ্ট বিনিয়োগকাৰী সন্মিলনত অংশ লৈ অধ্যক্ষগৰাকীয়ে কয়, যে এই পুঁজি ৩৫০টা জৈৱ গেছ প্রকল্প, দূৰসংযোগ সেৱাৰ সম্প্ৰসাৰণ, বিশুদ্ধ শক্তি প্রকল্প আদিকে ধৰি বিভিন্ন খণ্ডত বিনিয়োগ কৰা হ'ব। ইয়াৰ ফলত ২৫ লাখ প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগৰ সুযোগ সৃষ্টি হ'ব বুলি শ্ৰীআম্বানীয়ে উল্লেখ কৰে। আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়েও অহা ১০ বছৰ...

May 24, 2025 11:33 AM

views 23

নতুন ভাৰতৰ বুকুত বর্তমান উত্তৰ-পূৰ্বাঞ্চল উন্নয়নশীল অঞ্চলৰূপে পৰিগণিত হৈছে: সর্বানন্দ সোণোৱাল

● কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে দেশ-বিদেশৰ বিনিয়োগকাৰীসকলক উত্তৰ-পূব ভাৰতৰ অভূতপূৰ্ব বিকাশৰ সম্ভাৱনা অন্বেষণ কৰিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত অনুষ্ঠিত ৰাইজিং নর্থ-ইষ্ট বিনিয়োগকাৰী সন্মিলনত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে কয়, যে নতুন ভাৰতৰ বুকুত বর্তমান উত্তৰ-পূৰ্বাঞ্চল উন্নয়নশীল অঞ্চলৰূপে পৰিগণিত হৈছে। সন্মিলনখনৰ উত্তৰ-পূবৰ আন্তঃগাঁথনিৰ বাবে সম্ভাৱনীয়তা মুকলিকৰণ বিষয়ত ভাষণ দি কেন্দ্রীয় মন্ত্ৰী সোণোৱালে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নে...

May 23, 2025 8:21 PM

views 28

নতুন দিল্লীত আজি ৰাইজিং নর্থ-ইষ্ট বিনিয়োগকাৰী সন্মিলন মুকলি

সন্ত্রাসবাদেই হওক বা অশান্তি বিয়পোৱা মাওবাদী কাৰ্যকলাপৰ ক্ষেত্ৰতেই হওক নৰেন্দ্ৰ মোদী চৰকাৰে শূন্য সহনশীল নীতি গ্রহণ কৰি আহিছে বুলি প্ৰধানমন্ত্ৰীয়ে মত প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি ৰাইজিং নৰ্থ-ইষ্ট বিনিয়োগকাৰী সন্মিলন মুকলি কৰি প্ৰধানমন্ত্রী মোদীয়ে উন্নত ভাৰত গঢ়াৰ বাবে উত্তৰ- পূৰ্বাঞ্চলৰ উন্নয়ন অতি প্রয়োজনীয় বুলি মন্তব্য কৰে। শ্ৰীমোদীয়ে বিনিয়োগকাৰীসকলক উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন খণ্ডত বিনিয়োগৰ বাবে আহ্বান জনাই কয়, যে বর্তমান উত্তৰ-পূৰ্বাঞ্চল সুযোগৰ ভূমি হৈ পৰিছে। উত্তৰ-পূৰ্বাঞ্চলক তেও...

May 23, 2025 3:18 PM

views 28

উন্নত ভাৰত গঢ়াৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন অতি প্রয়োজনীয়ঃ প্ৰধানমন্ত্ৰী

উন্নত ভাৰত গঢ়াৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন অতি প্রয়োজনীয়। আজি নতুন দিল্লীত ৰাইজিং নৰ্থ-ইষ্ট বিনিয়োগকাৰী সন্মিলন মুকলি কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই কথা প্ৰকাশ কৰে। শ্ৰী মোদীয়ে বিনিয়োগকাৰীসকলক উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন খণ্ডত বিনিয়োগৰ বাবে আহ্বান জনাই কয়, যে বৰ্তমান উত্তৰ-পূৰ্বাঞ্চল সুযোগৰ ভূমি হৈ পৰিছে। উত্তৰ-পূৰ্বাঞ্চলক তেওঁ শক্তি আৰু ছেমিকণ্ডাক্টৰৰ মূল ছাবিকাঠি বুলিও উল্লেখ কৰে। উত্তৰ-পূৰ্বাঞ্চলক বৈচিত্র্যময় অঞ্চল হিচাপে আলোকপাত কৰি প্ৰধানমন্ত্রী শ্রী মোদীয়ে কয়, যে এই বিচিত্ৰতাই ভ...

May 23, 2025 12:10 PM

views 33

প্রধানমন্ত্ৰী মোদীয়ে দিল্লীত ৰাইজিং নর্থ ইষ্ট বিনিয়োগকাৰী সন্মিলন মুকলি কৰিব

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ৰাইজিং নর্থ ইষ্ট বিনিয়োগকাৰী সন্মিলন মুকলি কৰিব। উত্তৰ-পূৰ্বাঞ্চলক সুযোগৰ ভূমি হিচাপে আলোকপাত কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা বিনিয়োগ আকৰ্ষণ কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই দুদিনীয়া সন্মিলনৰ অংশ হিচাপে মন্ত্ৰী পৰ্যায়ৰ সত্ৰ, বৈঠক, ষ্টাৰ্ট আপ আৰু নীতি তথা বিনিয়োগত উদগনি যোগোৱাৰ বাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়ে গ্রহণ কৰা ব্যৱস্থা সম্পৰ্কীয় প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। এই সন্মিলনত ঘাইকৈ পৰ্যটন, আতিথ্য, কৃষি-খাদ্য প্ৰ-স...