November 25, 2024 11:43 AM

views 11

ইণ্ডিয়ান প্রিমিয়াৰ লীগত ঋষভ পণ্ট আৰু শ্ৰেয়াছ আয়াৰ সবাতোকৈ ব্যয়বহুল খেলুৱৈ হিচাপে পৰিগণিত

ইণ্ডিয়ান প্রিমিয়াৰ লীগ ২০২৫ৰ খেলুৱৈ নিলাম প্ৰক্ৰিয়াত কালি ঋষভ পণ্ট আৰু শ্ৰেয়াছ আয়াৰ আই পি এলৰ ইতিহাসত ব্যয়বহুল খেলুৱৈ হিচাপে পৰিগণিত হৈছে। ছৌদি আৰৱৰ জেড্ডাহৰ আবাদী আল জোহৰ এৰিনাত অনুষ্ঠিত নিলামৰ প্ৰথম দিনটোত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে উইকেটকীপাৰ তথা বেটাৰ ঋষভ পণ্টক ২৭ কোটি টকাৰে ক্ৰয় কৰি অভিলেখ ৰচে। আনহাতে, পাঞ্জাৱ কিংছে শ্ৰেয়াছ আয়াৰক ২৬ কোটি ৭৫ লাখ টকাৰে ক্ৰয় কৰে। প্ৰথম দিনা ৭২ গৰাকী খেলুৱৈৰ নিলাম সম্পন্ন হোৱাৰ বিপৰীতে ডেভিড ৱাৰ্ণাৰ, জনী বেয়াৰষ্ট'কে ধৰি ১২গৰাকী খেলুৱৈ বাকী ৰয়। আজি নিলা...