May 30, 2025 11:44 AM
31
কংগ্ৰেছ দলৰ নেতা ৰিপুণ বৰাক আৰক্ষীৰ বিশেষ তদন্তকাৰী দলৰ সোধা-পোছা
কংগ্ৰেছৰ নৱনিযুক্ত ৰাজ্যিক সভাপতি তথা সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তানৰ সৈতে যোগাযোগ থকা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে কংগ্ৰেছ দলৰ নেতা ৰিপুণ বৰাক কালি দীর্ঘ সময়জুৰি সোধা-পোছা কৰে। শ্ৰীবৰাই আৰক্ষীক সহযোগ কৰে আৰু পৰৱৰ্ত্তী সময়ত অধিক তথ্যৰ বাবে আৰক্ষীয়ে পুনৰ তেওঁক সোধা-পোছা কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে শ্রীগগৈয়ে এখন সংবাদমেলত প্ৰায় ১৪ বছৰ পূৰ্বে পাকিস্তান ভ্ৰমণৰ বিষয়ে উল্লেখ কৰিছিল। অৱশ্যে এই ভ্রমণ সম্পূর্ণ বৈধ আছিল বুলিও তেওঁ প্ৰকাশ কৰিছিল। ইয়াৰ ...