March 22, 2025 9:01 PM

views 11

নাগপুৰত সংঘটিত হিংসাত্মক ঘটনাত ক্ষতি হোৱা সম্পত্তিৰ মূল্য সংঘৰ্ষত লিপ্ত লোকৰ পৰা আদায় কৰা হ’বঃ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নবিছ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নবিছে নাগপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ সময়ত ক্ষতি হোৱা সম্পত্তিৰ মূল্য, সংঘৰ্ষত লিপ্ত লোকৰ পৰা আদায় কৰা হ’ব বুলি ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ধন আদায় নিদিয়া লোকসকলৰ সম্পত্তি জব্দ কৰি বিক্ৰী কৰা হ’ব বুলি সকীয়াই দিছে। মুখ্যমন্ত্রী ফাড়নবিছে নাগপুৰৰ হিংসা সন্দৰ্ভত জ্যেষ্ঠ আৰক্ষী বিষয়াসকলৰ সৈতে অনুষ্ঠিত পর্যালোচনা বৈঠকৰ অন্তত আজি নাগপুৰত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। ক্ষতিপূৰণ ৩-৪ দিনত আদায় দিয়া হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয...