June 18, 2024 12:31 PM June 18, 2024 12:31 PM

views 17

গুৱাহাটী ৰিং ৰোডৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ৪,৬১৭ কোটি টকা ধাৰ্য

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ১২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটী ৰিং ৰোডৰ প্রাক্কলনৰ চূড়ান্ত ৰূপ দিছে। প্ৰাস্তাৱিত ৰিং ৰোডৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৪,৬১৭ কোটি টকা ধাৰ্য কৰিছে। ইয়াৰ পূৰ্বে ভাৰত চৰকাৰে প্ৰস্তাৱিত গুৱাহাটী ৰিং ৰোড নিৰ্মাণৰ দায়িত্ব ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ওপৰত অৰ্পণ কৰিছিল। এই দায়িত্ব লাভ পাছত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে গুৱাহাটী ৰিং ৰোড নিৰ্মাণৰ প্ৰকল্পক তিনিটা ভাগত বিভক্ত কৰিছে। প্ৰথমটো হৈছে চাৰিলেন যুক্ত ৫৫.৫৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ উত্তৰ গুৱাহাটী বাইপাছ। এই পথছোৱা বাইহাট...