June 27, 2024 11:38 AM

views 49

চলচ্চিত্ৰ নিৰ্মাতা অসমৰ ৰীমা দাস অস্কাৰ বঁটাৰ বাছনি সমিতিৰ সদস্য হিচাপে মনোনীত

চলচ্চিত্ৰ নিৰ্মাতা অসমৰ ৰীমা দাস অস্কাৰ বঁটাৰ বাছনি সমিতিৰ সদস্য হিচাপে মনোনীত হৈছে। এই বাছনি সমিতিলৈ বিশ্বৰ ৬৮খন দেশৰ চলচ্চিত্ৰৰ সৈতে জড়িত ৪৮৭গৰাকী ব্যক্তিক আমন্ত্রণ জনোৱা হৈছে। ৰীমা দাসৰ লগতে ভাৰতৰ শ্বাবানা আজমি, পৰিচালক এছ এছ ৰাজামৌলী, আনন্দ কুমাৰ টাস্কাৰ, ৰিতেশ সিধৱানিকে ধৰি কেইবাগৰাকী চলচ্চিত্র শিল্পীয়ে এই বাছনি সমিতিলৈ আমন্ত্রণ লাভ কৰিছে।