May 29, 2024 12:27 PM

views 20

ৰাজ্যত ৰীমালৰ প্ৰভাৱ সম্পৰ্কত দিছপুৰত অসম ৰাজ্যিক দুৰ্যোগ প্রশমন বিভাগৰ পৰ্যালোচনা বৈঠক

ৰাজ্যত ৰীমালৰ প্ৰভাৱ সম্পৰ্কত কালি দিছপুৰত অসম ৰাজ্যিক দুৰ্যোগ প্রশমন বিভাগৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত ৰীমালৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ সন্দৰ্ভত আলোচনা কৰা হয়। পৰ্যালোচনা বৈঠকত প্ৰতিখন জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে ভিডিঅ’ কনফাৰেন্সযোগে সংশ্লিষ্ট জিলাৰ পৰিস্থিতি সন্দৰ্ভত মুখ্য সচিবক অৱগত কৰে। এই বৈঠকত মুখ্য সচিব ড০ কোটাই জিলা আয়ুক্তসকলৰ পৰা ধুমুহা আৰু বৰষুণৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লয়। ইয়াৰ লগতে সাহায্য, পুনৰ সংস্থাপন, আহতসকলক চিক...