October 15, 2024 10:59 AM October 15, 2024 10:59 AM
2
খাদ্য আৰু অসামৰিক যোগান বিভাগৰ ৰেচন কাৰ্ডৰ প্ৰ-পত্ৰ জমা দিয়াৰ সময়সীমা ২১ অক্টোবৰলৈ বৃদ্ধি
ৰাজ্য চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগে ৰেচন কাৰ্ডৰ প্ৰ-পত্ৰসমূহ জমা দিয়াৰ শেষ সময়সীমা ২১ অক্টোবৰলৈ বৃদ্ধি কৰিছে। বহু লোকে দুর্গা পূজাৰ বন্ধৰ পৰিপ্ৰেক্ষিতত নিৰ্ধাৰিত প্ৰ-পত্ৰসমূহ জমা দিব নোৱৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুমোদন সাপেক্ষে কালি এই সিদ্ধান্ত লোৱা হয় বুলি বিভাগীয় মন্ত্ৰী ৰণজিৎ দাসে ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে লগতে আয়ৰ নথি-পত্ৰৰ ক্ষেত্ৰত বিভাগীয় লোকসকলক সোনকালে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়। ৰাজ্যৰ ১০ লাখ দুখীয়া লোকক নতুনকৈ ৰেচন কাৰ্ড দিয়াৰ লগতে প্ৰতিগৰা...