May 22, 2024 8:31 PM

views 12

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২০২৩-২৪ বিত্তীয় বৰ্ষৰ লভ্যাংশ হিচাপে কেন্দ্ৰীয় চৰকাৰলৈ ২,১০,৮৭৪ কোটি টকা হস্তান্তৰত অনুমোদন

ভাৰতীয় ৰিজাৰ্ভ বেংকে (আৰ বি আই) ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে লভ্যাংশ হিচাপে কেন্দ্ৰীয় চৰকাৰলৈ ২ লাখ ১০ হাজাৰ ৮৭৪ কোটি টকা হস্তান্তৰত অনুমোদন জনাইছে। মুম্বাইত আজি অনুষ্ঠিত আৰ বি আইৰ কেন্দ্ৰীয় সঞ্চালক মণ্ডলীৰ ৬০৮সংখ্যক বৈঠকত এই প্রস্তাৱত অনুমোদন জনোৱা হয়। আনুষ্ঠানিক বিজ্ঞপ্তি অনুসৰি, আৰ বি আইৰ গৱৰ্নৰ শক্তিকান্ত দাসৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত অর্থ-ব্যৱস্থা শক্তিশালী আৰু স্থিতিস্থাপক হৈ থকালৈ চাই ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে নৈমিত্তিক ক্ষতিশংকা সংকটৰোধক চি আৰ বি ৬.৫০ শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান...